NORTHEAST NOW (Assamese)
Popular Stories

সীমাৰ পৰিধি ভাঙি ঘৃণাৰ বাণী! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘হুছেইন অ’বামা’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 24, 2023 7:20 am

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, শুকুৰবাৰে ভাৰতৰ বহু “হুছেইন অ’বামা”ৰ  চোৱাচিতাৰ প্ৰয়োজন বুলি উল্লেখ কৰি বিতৰ্কৰ সৃষ্টি কৰে।

ভাৰতত সংখ্যালঘু অধিকাৰ সন্দৰ্ভত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ মন্তব্যক লৈ সোধা প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই চিএনএনৰ ক্রিষ্টিয়ান অমনপুৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল যে যদি ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে তেন্তে “হিন্দু সংখ্যাগৰিষ্ঠ ভাৰতত মুছলমান সংখ্যালঘুৰ সুৰক্ষাৰ বিষয়টো উত্থাপন কৰাটো সাৰ্থক কথা হ’ব”।

ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰোহিনী সিঙে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কৰা মন্তব্য সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক প্ৰশ্ন উত্থাপন কৰে।

ৰোহিনী সিঙে প্ৰশ্ন কৰে- ‘’আৱেগক আঘাত দিয়াৰ বাবে অ’বামাৰ বিৰুদ্ধে এতিয়াও গুৱাহাটীত এফআইআৰ দাখিল কৰা হৈছেনে? কোনোবা বিমানৰ পৰা অ’বামাক নমাই আনি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষী ৱাশ্বিংটনলৈ গৈ আছে নেকি?”

এই প্ৰশ্নৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘ভাৰততে বহু হুছেইন অ’বামা আছে। ৱাশ্বিংটনলৈ যোৱাৰ কথা চিন্তা কৰাৰ আগতে আমি তেওঁলোকৰ চোৱাচিতা কৰাত অগ্ৰাধিকাৰ দিয়া উচিত। অসম আৰক্ষীয়ে আমাৰ নিজৰ অগ্ৰাধিকাৰ অনুসৰি কাম কৰিব।”

ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোৱাইট হাউছত ভাষণ দি থাকোঁতে জাতি-ধৰ্মৰ দোহাই দি “ভাৰতত কোনো ধৰণৰ বৈষম্য নাই” বুলি দাবী কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে কয়, ‘যেতিয়া আমি গণতন্ত্ৰত বাস কৰো, তেতিয়া বৈষম্যৰ একেবাৰেই কোনো স্থান নাথাকে।‘

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে ঘৃণাসূচক মন্তব্যৰ আন বহু ব্যক্তিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আনহাতে, সাংবিধানিক পদত আসীন মুখ্যমন্ত্ৰী এগৰাকীৰ এনেধৰণৰ মন্তব্যই ভাৰতৰ কূটনৈতিক সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে বুলি বহুতেই শংকা প্ৰকাশ কৰিছে।