NORTHEAST NOW (Assamese)
অসম

কৰিমগঞ্জৰ পৰা গোৱালপাৰালৈ স্থানান্তৰিত কৰা হৈছে ২৩জন বাংলাদেশী নাগৰিকক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 24, 2023 7:44 am

কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা অসমৰ গোৱালপাৰা জিলাৰ মাটিয়া ট্ৰেনজিট কেম্পলৈ স্থানান্তৰ কৰা হৈছে চাৰিজন নাবালককে ধৰি মুঠ ২৩জন বাংলাদেশী নাগৰিকক।

ইয়াৰে কৰিমগঞ্জ জিলা কাৰাগাৰত বন্দী হৈ থকাৰ সময়তে এগৰাকী অভিযুক্ত বাংলাদেশী মহিলাই সন্তান জন্ম দিয়ে।

লগতে পঢ়ক: সীমাৰ পৰিধি ভাঙি ঘৃণাৰ বাণী! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘হুছেইন অ’বামা’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া

কৰ্তৃপক্ষই মহিলাগৰাকীয়ে গৰ্ভৱতী অৱস্থাত অবৈধভাৱে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা বুলি আৱিস্কাৰ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহে।

সন্তান জন্মৰ ঘটনাৰ পিছতে চাৰিজন নাবালককে ধৰি মুঠ ২৩জন বাংলাদেশী নাগৰিকক কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা গোৱালপাৰা জিলাৰ মাটিয়া ট্ৰেনজিট কেম্পলৈ স্থানান্তৰ কৰা হয়।

লগতে পঢ়ক: মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়তে বিস্ফোৰক বাৰাক অ’বামা, ‘…বিভাজিত হ’ব পাৰে ভাৰত’!

শুকুৰবাৰে স্থানীয় আৰক্ষীৰ তত্বাৱধানত স্থানান্তৰকৰণ কৰা হয়।

সূত্ৰ অনুসৰি, বাকী বন্দীসকলক কৰিমগঞ্জ জিলা আৰক্ষী এলেকাৰ অধীনৰ বিভিন্ন স্থানৰ পৰা পৃথকে পৃথকে আটক কৰা হৈছিল।