NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছত প্ৰবল গৰাখহনীয়া অব্যাহত; শান্তিয়াছ কুজুৰৰো দলত্যাগ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 10, 2019 4:04 pm
Sanitus Kujur

জ্যেষ্ঠ নেতা ভুৱনেশ্বৰ কলিতাৰ পিছত আন এজন নেতা শান্তিয়াছ কুজুৰেও আজি দলত্যাগ কৰি কংগ্ৰেছত চলি থকা গৰাখহনীয়াক অধিক গম্ভীৰ ৰূপ দিলে।

শান্তিয়াছ কুজুৰ কংগ্ৰেছৰ সাংসদ হিচাপে যোৱা ২০১৩ চনৰ পৰা ২০১৯ চনলৈকে ৰাজ্যসভাৰ সদস্য আছিল। যোৱা ১৪ জুনত তেওঁৰ কাৰ্য্যকাল অন্ত পৰিছিল।

দলে তেওঁক দি থোৱা সকলো বিষয়বাব আৰু দলটোৰ প্ৰাথমিক সদস্যপদৰ পৰাও পদত্যাগ কৰা বুলি জনাই লিখা পত্ৰখনত কুজুৰে এই সিদ্ধান্তক “একান্তই ব্যক্তিগত সিদ্ধান্ত” বুলি উল্লেখ কৰে। পত্ৰখন দলটোৰ ৰাষ্ট্ৰীয় সভাপতিলৈ লিখা হৈছে।

“মই এই দলটোত ১৩ বছৰতকৈ অধিক দিন কাম কৰিলো আৰু এটা আগ শাৰীৰৰ ৰাজনৈতিক দল এটাৰ অংশ হ’বলৈ পাই অতি সুখী আছিলো আৰু তাৰ বাবে মই কৃতজ্ঞ। আশা কৰো আপুনি মোৰ পদত্যাগ পত্ৰখন গ্ৰহণ কৰিব”, প্ৰাক্তন সাংসদজনে পত্ৰখনত লিখে।