NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ ১০০ শতাংশ পুনৰীক্ষণৰ দাবী হিন্দু জাগৰণ মঞ্চৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 10, 2019 2:48 pm
index

‘ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ ১০০ শতাংশ পুনৰীক্ষণ হ’ব লাগে।‘ এই দাবী হিন্দু জাগৰণ মঞ্চৰ।

গুৱাহাটী প্ৰেছ ক্লাৱত এন আৰ চিৰ সম্পৰ্কত আহ্বান কৰা এখন সংবাদমেলত হিন্দু জাগৰণ মঞ্চৰ প্ৰান্তীয় সভাপতি মৃণাল লস্কৰে এই দাবী উত্থাপন কৰে।

তেওঁ কয়, ‘’পাইলট প্ৰজেক্টৰ বিৰোধিতা কৰা আমছুৱে এতিয়া এন আৰ চিক স্বাগতম জনোৱাটোৱেই বুজাইছে যে এখন অশুদ্ধ এন আৰ চি প্ৰকাশ পাব।‘’

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয়, “প্ৰতীক হাজেলাক office of the court মৰ্যাদা দিয়া হৈছে। সম্পূৰ্ণ স্বৈৰাতান্ত্ৰিকভাৱে আৰু উচ্চতম ন্যায়ালয়ক ঢাল হিচাপে ব্যৱহাৰ কৰি অসমবাসীক সম্পূৰ্ণ আন্ধাৰত ৰাখি বাংলাদেশীক লাইচেন্স দিব ওলাইছে। জনসাধাৰণৰ দাবীক কোনো গুৰুত্ব দিয়া নাই হাজেলাই।”

‘’ভাৰতৰ মহাপঞ্জীয়ক যদিও নাগৰিকপঞ্জীৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধ আৰু প্ৰভাৱপূৰ্ণ, কিন্তু প্ৰতীক হাজেলা আৰু উচ্চতম ন্যায়ালয়ে আৰ জি আইক সম্পূৰ্ণৰূপে উপেক্ষা কৰিছে কিয়?’’-এই প্ৰশ্ন হিন্দু জাগৰণ মঞ্চৰ।

লস্কৰে লগতে প্ৰশ্ন কৰি কয়, ‘’কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত লাভ কৰা ১৪ শ কোটি টকাৰ আজি পৰ্যন্ত কেগৰ তত্ত্বাৱধানত হিচাপ দাখিল নহ’ল কিয়?’’

‘’অসমৰ ৰাইজৰ কাৰণে আই এম ডি টি লেখীয়া আইন নহওঁক তাৰে আশা কৰিছোঁ,’’- লস্কৰে কয়।

আনহাতে, ৩১ আগষ্টৰ পাছত এন আৰ চিৰ আসোঁৱাহৰ তথ্য লৈ মুখ্য তদাৰকী আয়ুক্ত (CVC) ৰ কাষ চাপিব বুলিও লস্কৰে সংবাদমেলত সদৰী কৰে।