NORTHEAST NOW (Assamese)
Popular Stories

ধোনীক পুনৰ নীলা জাৰ্চিত দেখিবলৈ পোৱা নাযাব বুলি কিয় ক’লে তেওঁৰ সতীৰ্থই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2020 9:00 am
Dhoni-7

ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিচিত মহেন্দ্ৰ সিং ধোনীক পুনৰবাৰ ভাৰতীয় জাৰ্চিত দেখাৰ সম্ভাৱনা প্ৰায় নাই বুলিয়েই মন্তব্য কৰিছে স্পিনাৰ হৰভজন সিঙে।

ভাৰতীয় দলৰ অপেনিং বেটছমেন ৰোহিত শৰ্মাৰ সৈতে ইনষ্টাগ্ৰামত হোৱা এটা কথোপকথনত হৰভজনে কয়, ‍‘চেন্নাই ছুপাৰ কিংছৰ শিবিৰত থাকোতে বহুতেই মোক এই কথাটো শুধিছিল। মই নাজানো, কিন্তু আপোনালোকে জানিব লাগিব যে তেওঁ ভাৰতৰ বাবে পুনৰ খেলিব ইচ্ছা কৰে নে নকৰে’।

তেওঁ লগতে কয়, ‍‘মোৰ সম্ভৱ তেওঁ আৰু ভাৰতৰ নীলা জাৰ্চি পিন্ধাৰ ইচ্ছা নকৰে। তেওঁ আই পি এল খেলিব, কিন্তু তেওঁ আগতেই ভাবি লৈছিল যে দেশৰ হৈ বিশ্বকাপৰ ছেমিফাইনেল মেচখন তেওঁৰ বাবে অন্তিমখন মেচ’।

ইয়াৰ উপৰি হৰভজন সিঙে ৰোহিত শৰ্মাৰ সৈতে বাৰ্তালাপত বৰ্তমান সময়ৰ ভাৰতীয় দলৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ বৰ্তমান ভাৰতীয় দলত মেচ ফিনিচাৰৰ অভাৱৰ কথা উল্লেখ কৰি কোহলি আৰু ৰোহিতৰ ওপৰতে দলে অধিক নিৰ্ভৰ কৰে বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, বিশ্বকাপৰ পাছৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰি থকা মহেন্দ্ৰ সিং ধোনীয়ে আই পি এলৰ যোগেৰে পুনৰ ক্ৰিকেটৰ পথাৰলৈ উভতি অহাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল যদিও ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে আই পি এল পিছুৱাই দিয়াত ধোনীৰ প্ৰত্যাৱৰ্তন কেতিয়া হ’ব সেই সম্বন্ধেও অনিশ্চয়তাৰ সৃষ্টি হৈছে।