NORTHEAST NOW (Assamese)
অসম

ATMৰ পৰা ঘটিল তিনি সেনা জোৱানৰ কৰ’না সংক্ৰমণ; ২৮জনক কৰা হ’ল কোৱাৰেন্টাইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2020 9:25 am
1586435761_ppe new

গুজৰাটৰ বডোডৰাত তিনিজন সেনা জোৱান কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে। জোৱান তিনিজনৰ কৰ’না টেষ্টত পজিটিভ ধৰা পৰিছে।

প্ৰাথমিক অনুসন্ধান মতে এটা এটিএম বুথ এই জোৱানকেইজনে এদিনতে ব্যৱহাৰ কৰি পইচা উলিয়াইছিল। সেনা জোৱান তিনিজন এটিএমৰ বাবেই সংক্ৰমিত হোৱা বুলি আশংকা কৰা হৈছে।

ইপিনে, জোৱানকেইজনৰ সংস্পৰ্শলৈ অহা ২৮জন আত্মীয় লোকৰ পৰীক্ষাৰ ফলাফল অহালৈকে কোৱাৰেন্টাইন কৰা হৈছে।

সেনা বাহিনীৰ ফালৰ পৰাই এই লোকসকলক কোৱাৰেন্টাইন কৰা হৈছে। এতিয়া সকলোৰে কৰ’না টেষ্ট কৰা হ’ব।

দেশত কৰ’না ভাইৰছৰ সংক্ৰমণ বৃদ্ধি পাই থকাৰ সময়তে আৰক্ষী, সুৰক্ষা বাহিনীৰ লগতে সেনাৰ তিনিওটা শাখাতে কৰ’নাৰ প্ৰভাৱ পৰা দেখা গৈছে। ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰত নৌ-সেনাৰ জোৱানৰ দেহত কৰ’না পজিটিভ ধৰা পৰিছিল।

ভাৰতীয় নৌ-সেনাৰ ২৫জনতকৈয়ো অধিক কৰ্মীক কৰ’না টেষ্ট কৰা হৈছিল যাৰ ভিতৰত ২১জনৰ পজিটিভ ধৰা পৰা বুলি কোৱা হৈছে। আই এন এছ আংগ্ৰে, মুম্বাইত ২১জন পজিটিভ ৰোগী ধৰা পৰে আৰু তেওঁলোক বৰ্তমান সুস্থ তথা তেওঁলোকৰ চিকিৎসা চলি আছে।

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ক্ষিপ্ৰ গতিত বৃদ্ধি পাবলৈ লৈছে। লকডাউন চলি থকাৰ মাজতো সংক্ৰমণৰ গতি ৰুদ্ধ হোৱা নাই।

দেশত বৰ্তমান কৰ’না সংক্ৰমিত ৰোগীৰ সংখ্যা ২১হাজাৰ ৭০০ স্পৰ্শ কৰিছে। এতিয়ালৈকে ৬৮৬জন লোকৰ মৃত্যু হৈছে। তদুপৰি, কোভিড-১৯ মহামাৰীৰ পৰা ৪হাজাৰ ৩২৫জন লোক সুস্থ হৈ উঠিছে।