NORTHEAST NOW (Assamese)
অসম

ডিমৌৰ নহাট আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা পুনৰ গঠন 

Posted by: হিতোজ্বল চেতিয়া June 24, 2018 2:26 pm
ATTACHMENT

ডিমৌ টাই আহোম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক সমিতি নহাট আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সমিতিখন আজি পুনৰ গঠন কৰা হয়।

সদৌ শিৱসাগৰ জিলা টাই আহোম ছাত্ৰ সন্থাৰ নিৰ্দেশ অনুসৰি আগন্তুক শিৱসাগৰ জিলা সমিতিৰ অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি আটাছু নহাট আঞ্চলিক সমিতিখন আজিৰ শতাধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত গঠন কৰা হয়।

এই উপলক্ষে নহাট দেওদুবি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে শিৱসাগৰ জিলা টাই আহোম ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক নিপন বৰুৱাই।লগতে সভাখনত উপস্থিত থাকে শিৱসাগৰ মহকুমা টাই আহোম ছাত্ৰ সন্থাৰ সম্পাদক সন্দিপ গগৈ, ডিমৌ আঞ্চলিকৰ কাৰ্যকৰী সভাপতি মুন দুৱৰা আৰু ডিমৌ আঞ্চলিকৰ সম্পাদক সুমিত কুমাৰ সন্দিকৈ।

উক্ত সভাত প্ৰদীপ গগৈক সভাপতি ,ৰাজীৱ গগৈ আৰু জয়ন্ত লাহনক যুটীয়া সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। লগতে শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰৰ প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে নহাট অঞ্চলত প্ৰবল জনমত গঢ়ি তুলিবলৈ আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু দেশ আৰু জাতিৰ অস্তিত্ব বিপদাপন্ন হোৱা এনে এক জটিল মুহূর্তত উপস্থিত আটাছু নেতৃত্বই সকলোকে জাতিৰ প্ৰতি দায়বদ্ধ হৈ সংগ্ৰাম কৰি যাবলৈ আহ্বান জনায়।