NORTHEAST NOW (Assamese)
দেশ

পূৰ্ব পৰিকল্পিত আছিল লখিমপুৰ খেৰীৰ কৃষক হত্যাকাণ্ড; বিশেষ তদন্ত কমিটিৰ প্ৰতিবেদনত প্ৰকাশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 14, 2021 3:21 pm
Lakhimpur Kheri violence

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষকৰ হত্যা এক পৰিকল্পিত ষড়যন্ত্ৰ আছিল। হত্যাকাণ্ডৰ তদন্ত কৰি থকা বিশেষ তদন্ত কমিটিয়ে এই কথা সদৰী কৰিছে।

উল্লেখ্য যে উক্ত গোচৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ মুখ্য অভিযুক্ত আৰু বৰ্তমান আশীষ মিশ্ৰ কাৰাগাৰত আছে।

গোচৰটোৰ তদন্ত কৰি থকা আৰক্ষীয়ে এজন ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰি আশীষ মিশ্ৰাৰ বিৰুদ্ধে উত্থাপিত আৰোপবোৰ সংশোধন কৰিবলৈ আহ্বান জনাইছে।

আশীষ মিশ্ৰ আৰু তেওঁৰ সহযোগী সকল ইতিমধ্যে হত্যা আৰু ষড়যন্ত্ৰৰ অভিযোগৰ সন্মুখীন হৈছে। বিশেষ অনুসন্ধান দলে হত্যাৰ চেষ্টাৰ লগতে অন্যান্য অভিযোগ এতিয়া যোগ দিব বিচাৰে।

শাসকীয় বিজেপিয়ে উত্তৰ প্ৰদেশত নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে তদন্ত কমিটিৰ এই তথ্যই কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ বাবে বৃহৎ সমস্যাৰ সংকেত দিছে। ইতিমধ্যে বিৰোধীয়ে অজয় মিশ্ৰক মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে।

স্মৰ্তব্য যে যোৱা ৩ অক্টোবৰত সংঘটিত লখিমপুৰ খেৰীৰ কৃষক হত্যাকাণ্ডই কৃষকসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছিল। এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছিল।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰৰ কনভয়ে প্ৰতিবাদী কৃষকক মহতীয়াই নিয়াৰ ফলত চাৰিজন কৃষকৰ মৃত্যু হৈছিল। তদুপৰি কনভয়ৰ পৰা কৃষক সকলক লক্ষ্য কৰি গুলীচালনাৰ অভিযোগ উত্থাপন হৈছিল। ইতিমধ্যে তদন্তত গুলীচালনাৰ অভিযোগ সত্য প্ৰমাণিত হৈছে।

উচ্চতম ন্যায়ালয়ে গোচৰটোৰ ওপৰত এখন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰক কেইবাবাৰো ভৎসৰ্না কৰিছিল। উত্তৰ প্ৰদেশ চৰকাৰে অভিযুক্তক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা বুলি সমালোচনা কৰিছিল উচ্চতম ন্যায়ালয়ে।

যোৱা মাহত উচ্চতম ন্যায়ালয়ে বিশেষ অনুসন্ধানকাৰী দলক তদন্ত দ্ৰুততাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল।