NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ৬গৰাকী শিক্ষাৰ্থী কোভিড-১৯ত আক্ৰান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 14, 2021 3:12 pm
B Baruah College

ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত কোভিড-১৯ৰ সংক্ৰমণৰ বাতৰি প্ৰকাশ পাই অহাৰ মাজতে মহানগৰীতো এখনৰ পাছত আন এখন শিক্ষানুষ্ঠানত কোভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।

এইবাৰ মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ৬গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড-১৯পজিটিভ ধৰা পৰিছে।

জিএমচিএইচৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে। মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ কোভিড টেষ্ট কৰোৱাৰ পাছত এই ৬ গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫গৰাকী শিক্ষাৰ্থী কোভিড পজিটিভ; ৫দিনৰ বাবে বন্ধ হোষ্টেল,পাঠদান

উল্লেখ্য যে সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কমেও ১৫গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল কোভিড-১৯ পজিটিভ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পাঁচদিনৰ বাবে পাঠদান তথা হোষ্টেলসমূহ বন্ধৰ নিৰ্দেশ দিছে।

স্বাস্থ্য বিভাগে সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্ববিদ্যালয়খনৰ তিনিটা হোষ্টেল কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

সেইদৰে বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক কাৰ্যসূচীও বাতিল কৰা হৈছে।