NORTHEAST NOW (Assamese)
অসম

বেংকৰ পৰা টকা উলিয়াবলৈ গৈ হাওৰাঘাটৰ পৰা বিবাহিত মহিলা নিৰুদ্দেশ; থানাত এজাহাৰ স্বামীৰ

Posted by: ধর্মেন্দ্র খাখলাৰী Updated by: ধর্মেন্দ্র খাখলাৰী September 9, 2021 4:42 pm
Woman missing final

হাওৰাঘাট থানাৰ অন্তৰ্গত দুমুখী দীঘলপানী সৎনামী গাঁৱৰ নৰেশ্বৰ সৎনামীৰ পত্নী তথা তিনিটা সন্তানৰ মাতৃ ৰিকুমণি বৰা সৎনামী (২৭) নামৰ মহিলাগৰাকী হাওৰাঘাটৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিৰুদ্দিষ্ট ৰিকুমণি বৰা সৎনামীৰ স্বামী নৰেশ্বৰে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি যোৱা ৭ ছেপ্টেম্বৰৰ পুৱা ৯ বজাত বেংকত টকা উলিয়াবলৈ যাঁও বুলি স্বামীৰ পৰা অনুমতি লৈ হাওৰাঘাট ষ্টেট বেংকলৈ গৈ বেংকৰ পৰা টকা উলিয়ায় যদিও ইয়াৰ পিছতে মহিলাগৰাকী নিৰুদ্দেশ হয়।

বেংকত টকা উলিয়াবলৈ পুৱা ৯ বজাতে ওলাই যোৱা মহিলাগৰাকীয়ে সন্ধিয়ালৈকে ঘূৰি নহাত তেওঁৰ স্বামীয়ে নিৰুদ্দিষ্ট হোৱাৰ কথা জানিব পাৰে।

স্বামী নৰেশ্বৰে ইতিমধ্যে এই সন্দৰ্ভত হাওৰাঘাট থানাত নিৰুদ্দিষ্ট হোৱাৰ বিষয়ে অৱগত কৰি এখন এজাহাৰ দাখিল কৰিছে।

কোনো সদাশয় লোকে তেওঁৰ পত্নী তথা তিনিটা সন্তানৰ মাতৃ ৰিকুমণি বৰা সৎনামীক দেখা পালে ওচৰৰ থানাত নাইবা ম’বাইল নম্বৰ ৭৩৫৬২৯১১৫০ অথবা ৮৬০৬৩৪৬৫১২ ত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে।