NORTHEAST NOW (Assamese)
অসম

পানীত পৰি থকা অৱস্থাত বিশ্বনাথৰ কুমলীয়াত উদ্ধাৰ মৃতদেহ

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম January 9, 2021 11:00 am
dead body

আজি শনিবাৰে পুৱাই বিশ্বনাথ জিলাৰ অন্তৰ্গত কুমলীয়া অজলা সুঁতিত উদ্ধাৰ হয় এটি মৃতদেহ।

তথ্য অনুসৰি গড়েহাগি গাঁৱৰ বাসিন্দা মঞ্জিত ৰাজখোৱা যোৱা বৃহস্পতি ৰাতি পুৱা প্ৰায় ৩ মান বজাত নিজ বাসগৃহৰ পৰা ওলায় যোৱাৰ পৰাই সন্ধানহীন হৈ আছিল।

বিগত তিনিদিনে লোকজনক বিচাৰ খোচাৰ কৰিও পৰিয়ালৰ লোকে কোনো সন্ধান লাভ কৰা নাছিল।

কিন্তু শনিবাৰে ৰাতিপুৱা মাছমৰীয়াই জাল মাৰিবলৈ যাওঁতে অজলা সুঁতিৰ পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে‌।

মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে ঘটনা সন্দৰ্ভত বিশ্বনাথ আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি উদ্ধাৰ কৰে মৃতদেহটো।

স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে জনোৱা অনুসৰি অত্যাধিক সুৰাপানেই কাল হ’ল মঞ্জিত ৰাজখোৱাৰ।