NORTHEAST NOW (Assamese)
Popular Stories

ৰাজনৈতিক অসহিষ্ণুতা! : জ’ বিডেনৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে ট্ৰাম্প!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2021 10:19 am
Trump & Biden

ক্ষমতাহীন হোৱা হোৱাইট হাউছ বিদায় দিয়াৰ আতংকত যেন ৰাজনৈতিক শিষ্টাচাৰখিনিয়ো পাহৰি পেলাইছে আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে!

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বিডেনৰ হাতত পৰাস্ত হোৱাৰ পিছৰে পৰা কেৱল ৰাজনৈতিক অপৰিপক্কতাই নহয় ৰাজৈনিতক আক্ৰোশৰো দেধাৰ প্ৰমাণ দি আছে বিদায়ী ৰাষ্ট্ৰপতিগৰাকীয়ে।

ট্ৰাম্পৰ বিৰুদ্ধে সমৰ্থকসকলক উচতাই কেপিটেল বিল্ডিং আক্ৰমণ কৰাৰ অভিযোগ উঠা ঘোষণা কৰিছে যে আমেকিৰাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনৰ শপতগ্ৰহণ অনষ্ঠানত উপস্থিত নাথাকে।

শুকুৰবাৰে টুইট কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আগন্তুক ২০ ফেব্ৰুৱাৰীত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি জ’ বিডেনৰ শপত গ্ৰহণ অনুষ্ঠানত তেওঁ উপস্থিত নাথাকে।

উল্লেখ্য যে আমেৰিকাৰ ইতিহাসত নতুন ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত কোনো বিদায়ী ৰাষ্ট্ৰপতিয়ে অনুপস্থিত হোৱা নাছিল।

যদি সঁচাই ট্ৰাম্পে জু’ বিডেনৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে এয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইতিহাসত এক পৰম্পৰা ভংগ হ’ব!

ইফালে ড’নাল্ড ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেন ‘এয়া ভাল কথা’ বুলি মন্তব্য কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।