NORTHEAST NOW (Assamese)

গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ এদিনীয়া খেল

March 18, 2018 1:22 pm · এন ই নাও নিউজ

উত্তৰ-পূবৰ ক্ৰিকেট প্ৰেমীসকলৰ বাবে এটা সুখৱৰ যে অহা অক্টোৱৰত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ এখন এদিনীয়া আন্তৰ্জাতিক মেচ গুৱাহাটীত অনুষ্ঠিত হ’ব।

মুম্বাই, কোচি, ইণ্ডোৰ আৰু পুনেৰ লগতে গুৱাহাটীত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আগন্তুক এদিনীয়া শৃংখলাৰ খেলসমূহ অনুষ্ঠিত হ’ব।

সূত্ৰসমূহে জানিব দিয়া মতে ক্ৰিকেটৰ দুই মহাৰথী দেশৰ মাজৰ সম্ভাৱ্য উত্তেজনাপূৰ্ণ খেলখন অনুষ্ঠিত হ’ব অসম ক্ৰিকেট সংস্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত। অহা অক্টোৱৰৰ মাজভাগত খেলখন অনুষ্ঠিত হ’ব।

নতুনকৈ নিৰ্মাণ কৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামখনত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক খেল খেলোৱা হ’ব।

যোৱা বছৰ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত সফলতাৰে অনুষ্ঠিত হৈ যোৱা টি-টুৱেন্টি খেলখনৰ পিছত বৰ্ষাপাৰা ষ্টেডিয়ামত এইখন হ’ব দ্বিতীয়খন আন্তৰ্জাতিক ক্ৰিকেট খেল।

অসমত আন্তৰ্জাতিক পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাৰ বাবে যোৱা কেইবছৰত বহুতো প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে।

পূৰ্বতে নেহৰু ষ্টেডিয়ামত এদিনীয়া ক্ৰিকেট মেচ দুখনমান অনুষ্ঠিত হৈছিল যদিও গুৱাহাটীত উপযুক্ত সা-সুবিধাৰ অজুহাতত খেল অনুষ্ঠিত কৰাত বাধা আহি পৰিছিল।

বৰ্তমান গুৱাহাটীত খেলুৱৈৰ থকা-মেলাৰ লগতে অন্যান্য সুবিধাসমূহো পৰ্যাপ্ত হৈ পৰাৰ লগতে উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণ হোৱাৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাত কোনো বাধা নাই।

 

Related News