NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত ভোজন আৰু পানীয়ৰ একমাত্ৰ সন্মান গুৱাহাটী খাদ্য বঁটা ২০১৮ৰ বাবে মনোনয়ন আহ্বান

Posted by: এন ই নাও নিউজ January 29, 2018 7:33 pm
Food

ভোজনৰসিক আৰু মহানগৰীৰ খাদ্য আৰু পানীয়ৰ জগতত দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হোৱাসকলক সমৱেত কৰাৰ উদ্দেশ্যে ২০১৫ চনত গুৱাহাটী খাদ্য বঁটা আৰম্ভ কৰা হৈছিল।

অহা ১৮ মাৰ্চত প্ৰদান কৰিব লগীয়া এইবাৰৰ গুৱাহাটী খাদ্য বঁটা ২০১৮ৰ বাবে আয়োজকসকলে মনোনয়ন আহ্বান কৰিছে।

শ্ৰেষ্ঠ ৰেষ্টুৰাঁ, কেফে’, লাউঞ্জ বাৰ, বেকাৰি, ফাস্ত ফুদ কেন্দ্ৰৰ লগতে মহানগৰীৰ শ্ৰেষ্ঠ ৰান্ধনি শিতানতো এই সন্মান আগবঢ়োৱা হ’ব।

উদ্যোগটোৰ ভিতৰত নিজৰ উপস্থিতি অনুভূত কৰোৱা আৰু খাদ্য প্ৰস্তুতিৰ বিভিন্ন শিতানত মনোনয়ন দাখিলৰ ক্ষেত্ৰত প্ৰতিষ্ঠিতসকলৰ লগতে উঠি অহাসকলকো এই বঁটাটোৱে এক অনন্য মঞ্চ প্ৰদান কৰে।

গুৱাহাটী খাদ্য বঁটা গুৱাহাটীত এতিয়ালৈকে এইধৰণৰ একমাত্ৰ সন্মান।

সৰ্বমুঠ ২৪ টা শিতানত প্ৰদান কৰিব লগা এই বঁটাই ভোজনৰ সকলো ক্ষেত্ৰ সামৰি ল’ব। মহানগৰীৰ ৩০০ খন খাদ্য বিপনীৰ অংশগ্ৰহণেৰে এইবাৰৰ এই আয়োজনে আৰু বৃ্হৎ আৰু অধিক আকৰ্ষণীয় হোৱাৰ প্ৰতিশ্ৰুতি বহন কৰিছে।

স্বতন্ত্ৰ উপভোক্তা জৰীপ ভিত্তিক দুতৰপীয়া প্ৰক্ৰিয়াৰ যোগেদি এই বঁটাৰ বিজয়ীসকলক বাচি উলিওৱা হ’ব।

গুৱাহাটী খাদ্য বঁটা ২০১৮ৰ বাবে এইবাৰ ঘৰতে বেকাৰি তৈয়াৰ কৰাসকলকো আমন্ত্ৰণ কৰা হৈছে। আগ্ৰহী খাদ্য প্ৰস্তুতকাৰী সকলে gfa.guwahatiplus.com ৱে’বছাইটযোগে নিজৰ মনোনয়ন দাখিল কৰিব পাৰিব।