NORTHEAST NOW (Assamese)

গুৱাহাটীত স্থাপন কৰা হ’ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ শাখা কাৰ্যালয়

January 16, 2018 2:55 pm · এন ই নাও নিউজ

গুৱাহাটীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা শাখা কাৰ্যালয় স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

এই সংক্ৰান্তত মন্ত্ৰীজনে বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী সুষমা স্বৰাজক দেওবাৰে ফোন কৰাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উক্ত শাখা স্থাপনৰ বাবে নিশ্চয়তা প্ৰদান কৰে বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক উক্ত শাখা কাৰ্যালয়টো স্থাপনৰ বাবে এটুকুৰা উপযুক্ত স্থান বিচাৰি উলিয়াবলৈ কোৱা হৈছে বুলি ৰাজ্যখনৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰীজনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে গুৱাহাটীত অহা মাহত অনুষ্ঠিত হ’ব লগীয়া ‘এডভাণ্টেজ আছাম’ত অংশগ্ৰহণৰ বাবে অসম চৰকাৰে ইতিপূৰ্বে এছিয়ান দেশ সমূহৰ লগতে প্ৰতিবেশী দেশ সমূহকো আমন্ত্ৰণ জনাইছে।

Related News