NORTHEAST NOW (Assamese)
অসম

অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ বিক্ষোভ: গুৱাহাটীত ৭-৯ মে’লৈ নচলিব অলা-উবেৰ

Posted by: এন ই নাও নিউজ April 30, 2018 12:25 pm
ola and uber

গুৱাহাটী মহানগৰীত তিনিদিনৰ বাবে অচল হ’ব কেব সেৱা। অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ সিদ্ধান্ত অনুসৰি অহা ৭, ৮ আৰু ৯ মে’ত অলা আৰু উবেৰ গুৱাহাটীত নচলিব।

দীৰ্ঘদিন ধৰি অলা আৰু উবেৰ কৰ্তৃপক্ষক অল আছাম কেব অপাৰেটৰ য়ুনিয়নে কেব চালকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে দাবী জনাই আহিছিল। কিন্তু অলা আৰু উবেৰ কৰ্তৃপক্ষই তেওঁলোকৰ দাবী সমূহ গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰি অহা ৭ মে’ৰ পৰা তিনিদিনীয়াকৈ এই বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্বাভাৱিকতে এই তিনিদিনীয়া বন্ধৰ ফলত অলা আৰু উবেৰৰ সুবিধাৰ পৰা বঞ্চিত হ’ব মহানগৰবাসী।  উল্লেখ্য যে দেওবাৰে হেঙেৰাবাৰীৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ সাধাৰণ সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সাধাৰণ দৈনিক ৮ ঘণ্টা কামৰ বিনিময়ত উক্ত প্ৰতিষ্ঠান দুটাই প্ৰতিদিনে সকলো খৰচৰ অন্তত মালিক-চালকক নিম্নতম ২,৫০০ টকাকৈ উপাৰ্জন দিয়া সন্দৰ্ভত য়ুনিয়নে চৰকাৰৰ হস্তক্ষেপ বিচাৰে। লগতে গুৱাহাটীৰ ঠেক বাট-পথ আৰু অভাৱনীয় হাৰত বৃদ্ধি পোৱা গাড়ীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেব প্ৰতিষ্ঠানসমূহত নতুনকৈ বাহন প্ৰৱেশত চৰকাৰৰ পোনপটীয়া হস্তক্ষেপ বিচাৰে য়ুনিয়নে।

ইফালে অল আছাম কেব অপাৰেটৰ য়ুনিয়নৰ সাধাৰণ সম্পাদক ইছমাইল আলীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে অলা আৰু উবেৰ কৰ্তৃপক্ষৰ স্বৈৰাচাৰিতাৰ কাৰণে প্ৰথমবাৰৰ বাবে অল আছাম কেব অপাৰেটৰ য়ুনিয়নে কেব সেৱা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে।