NORTHEAST NOW (Assamese)

গুৱাহাটীৰ খানামুখৰ পথ দুৰ্ঘটনাত এজন নিহত; ক্ষুব্ধ ৰাইজৰ পথ অৱৰোধ

June 25, 2018 11:07 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজনক আজাৰা আৰক্ষীৰ থানাৰ অন্তৰ্গত খানামুখ কেহৰুবাৰী গাঁৱৰ সৰবৰহী ব্যক্তি তথা ক্ষুদ্ৰ ব্যৱসায়ী মণিৰাম বৈশ্য(৪৭) বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খৱৰ মতে, যোৱা নিশা প্ৰায় ৯.৪৫ বজাত মণিৰাম বৈশ্যই ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ থকা অৱস্থাত জালুকবাৰীৰ পৰা ধাৰাপুৰ চাৰিআলী অভিমুখে আহি থকা কোনো বাহনে বৈশ্যক খুন্দিয়াই থৈ তীব্ৰ বেগত উধাও হয়। ফলত মণিৰাম বৈশ্য থিতাতে নিহত হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অঞ্চলটোত এক উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে একাংশ লোকে পথ অৱৰোধ কৰে। ফলত পথৰ দুয়োফালে তীব্ৰ যান যটৰ সৃষ্টী হয়।

অৱশ্যে পথ অৱৰোধৰ খৱৰ পোৱাৰ লগে লগে স্থানীয় আজাৰা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক বুজাই বঢ়ায় পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে জি.এম.চি লৈ প্ৰেৰণ কৰে।

আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালক গতাই দিয়া হয় আৰু বহুসংখ্যক লোকৰ উপস্থিতিত খানামুখ ৰাজহুৱা শ্মশানত লোকজনৰ শেষকৃত সম্পন্ন কৰা হয়।

Related News