NORTHEAST NOW (Assamese)

গুৱাহাটীৰ চিৰিয়াখানাৰ বিশাল ভূমি বনিয়াক গতোৱাৰ ষড়যন্ত্ৰ অসম চৰকাৰৰ!

August 26, 2018 11:03 pm · কল্পজ্যোতি শইকীয়া
Updated: August 26, 2018 11:28 pm

দেশৰে অন্যতম বৃহৎ অসম ৰাজ্যিক চিৰিয়াখানাৰ বিশাল সেউজ ভূমি বিলাসী হোটেল খোলাৰ বাবে বনিয়াৰ হাতত গতোৱাৰ ষড়যন্ত্ৰ কৰিছে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰে!

পৰ্য্যটকৰ অন্যতম আকৰ্ষণথলী চিৰিয়াখানাখনক লৈ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে দেওবাৰে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই।

প্ৰায় ২ বৰ্গ কি.মি.জোৰা চিৰিয়াখানাখনৰ বিশাল ভূমি বনিয়াক গতোৱাৰ উদ্দেশ্যে ইয়াক জীৱৰ বসবাসৰ অনুপযোগী বুলি প্ৰমাণ কৰিবলৈকে শেহতীয়াকৈ ৪০টাতকৈও অধিক বিভিন্ন প্ৰজাতিৰ প্ৰাণী হত্যা কৰি ভাইৰাছ সংক্ৰমণৰ ফলত এই মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই প্ৰচাৰ কৰিছে বুলিও বৈশ্যই অভিযোগ কৰিছে।

‘বিভিন্ন উপায়েৰে জন্তুবোৰ হত্যা কৰি আৰু ভাইৰাছ সংক্ৰমণৰ ভুৱা বাতৰি প্ৰচাৰ কৰি এই স্থানত চিৰিয়াখানা সম্ভৱ নহয় বুলি ৰাইজৰ মনত এটা ধাৰণাৰ সৃষ্টি কৰিব বিচৰা হৈছে। এই মাটিখিনিত তেওঁলোকে ৫ ষ্টাৰ-৭ ষ্টাৰ হোটেল খুলিব,’ দেওবাৰে চিৰিয়াখানাৰ সন্মুখত সুৰক্ষা মঞ্চৰ প্ৰতিবাদী ধৰ্মঘটত এই মন্তব্য বৈশ্যৰ।

১৭৫ হেক্টৰ জুৰি থকা চিৰিয়াখনৰ এই বিশাল ভূ-খণ্ড ‘বহিৰাগত বেপাৰীৰ হাতত তুলি দিবলৈ চৰকাৰে চলোৱা ষড়যন্ত্ৰ কোনো কাৰণতে সফল হ’বলৈ দিয়া নহ’ব,’ বুলিও বৈশ্যই ঘোষণা কৰে।

চিৰিয়াখানাৰ গে’টৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘটেৰে মঞ্চই দেওবাৰে চিৰিয়াখানাখনৰ ডি এফ অ’গৰাকীৰ বদলি আৰু ইয়াৰ সমস্যাসমূহৰ স্থায়ী সমাধানৰ দাবী জনায়।

চিৰিয়াখানাখনক লৈ যোৱা বহুমাহ ধৰি ধাৰাৱাহিকভাৱে আন্দোলন কৰি অহা সুৰক্ষা মঞ্চই দেওবাৰে  নেতাগৰাকীয়ে লগতে কয় যে চিৰিয়াখানাখন এটা জাতীয় সম্পদ আৰু এই সম্পদ জহি-খহি যাব ধৰিলে, জাতি কেতিয়াও বহি থাকিব নোৱাৰে।

প্ৰতিবাদত মঞ্চৰ সভাপতি দীপক পাঠক, উপ সভাপতি তিলক মোহন, সমাজ কৰ্মী মুকুট সিংহ চুতীয়া, ৰফিউল হুছেইন বৰুৱা, নৰেন ৰাজবংশী, কৃষ্ঞা শৰ্মা, টিম কেন্দ্ৰ বাহাদুৰ আদিৰ উপৰি গুৱাহাটীৰ প্ৰাক্তন সাংসদ, কংগ্ৰেছ নেতা কিৰিপ চলিহায়ো ভাগ লয়।

মঞ্চৰ নেতা বৈশ্যই তোলা অসম চৰকাৰে কৰা ষড়যন্ত্ৰৰ এই ভয়ংকৰ অভিযোগ সম্পৰ্কে নৰ্থ ইষ্ট নাও-এ মন্ত্ৰী আৰু ডি এফ অ’ৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে সংগ্ৰহ কৰিব পৰা নাই।

Related News