NORTHEAST NOW (Assamese)

গুৱাহাটীৰ মেট্ৰ’ কমিউনিটিয়ে অনুষ্ঠিত কৰিব লিংগ সমতাৰ বিষয়ে মুকলি আলোচনা

February 2, 2018 2:20 pm · এন ই নাও নিউজ
Updated: February 2, 2018 2:23 pm

গুৱাহাটী মেট্ৰ’ কমিউনিটিয়ে ‘চি ফৰ চেইঞ্জ’ৰ সহযোগত অহা ৫ ফেব্ৰুৱাৰীত লিংগ সমতাৰ বিষয়ত এখন মুকলি আলোচনা চক্ৰ আৰু ‘চি টক্চ’ শীৰ্ষক নামেৰে প্ৰেৰণামূলক কৰ্মশালাৰ আয়োজন কৰিছে।

গুৱাহাটী আৰ্টিষ্ট গীল্ডত আবেলি ৪ বজাৰ পৰা অনুষ্ঠানটো আৰম্ভ হ’ব। অনুষ্ঠানটো সকলোৰে বাবে মুকলি থাকিব।

লিংগ সমতাৰ ওপৰত এক সুস্থ আলোচনাৰ লগতে সমাজত সৃষ্টি কৰা সমস্যাসমূহ তথা ইয়াৰ সমাধানৰ ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হ’ব।

অনুষ্ঠানটোত সামাজৰ বিশিষ্ট ব্যক্তিৰ অনুপ্ৰেৰণামূলক আলোচনা, কাহিনী কোৱা পৰ্ব আৰু যৌন আতিশয্যৰ সমস্যাৰ বিষয়ত সুস্থ বিতৰ্ক থাকিব।

নিজৰ জীৱনত ইতিবাচক বা নেতিবাচক প্ৰভাৱ পোলোৱা কোনো কাহিনী যদি কোনোৱে প্ৰকাশ কৰিব বিচাৰে তেতিয়াহ’লে তেওঁলোকৰ বাবে সুৰক্ষা আগবঢ়োৱা হ’ব।

মানুহৰ মনলৈ কেনেদৰে পৰিৱৰ্তনসমূহ আনিব পাৰি তাৰ মুকলি আলোচনা আৰু খেল ধেমালিৰো আয়োজকসকলে ব্যৱস্থা কৰিছে যাতে অনুষ্ঠানটো এটা একক মত-বিনিময়ৰ অভিজ্ঞতা হৈ পৰে।

Related News