NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ ‘স্পা’ত উৎখাত দেহ ব্যৱসায় চক্ৰ; জব্দ কৰা ম’বাইলৰ ফ’ন লিষ্ট ‘বিস্ফোৰক’

Posted by: এন ই নাও নিউজ June 7, 2018 10:32 pm
infinity-paltanbazar-guwahati-body-massage-centres

গুৱাহাটীৰ পল্টন বজাৰৰ ইনফিনিটি নামৰ স্পাখনত দেহ ব্যৱসায় চলোৱাৰ অভিযোগত আজি ৭ জুনত আৰক্ষীৰ অপৰাধ শাখাই চলোৱা অভিযানত জব্দ কৰা ম’বাইল ফ’নসমূহৰ কল লিষ্টে বিস্ফোৰণ ঘটোৱাৰ সম্ভাৱনা আছে।

এই বিলাসী স্পা-গমণ সাধাৰণ লোকৰ বাবে সাধ্যাতীত। আৰক্ষীৰ হাতত পৰা এই ম’বাইলসমূহৰ কল লিষ্টে বহু ক্ষমতাশালী লোকৰ মুখা খোল খুৱাব পাৰে বুলি এক বিশেষ সূত্ৰই দাবী কৰিছে।

গোপন সূত্ৰৰ আধাৰত আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আজি স্পাখনত চলোৱা অতৰ্কিত অভিযানটোত ১০ গৰাকী যুৱতী আৰু ৩ জন যুৱক আটক কৰাৰ লগতে বহু আপত্তিজনক সামগ্ৰী, দলিলো জব্দ কৰিছিল।

আৰক্ষীয়ে গ্ৰাহকৰ ভেশত চলোৱা এই অভিযানত স্পাখনৰ মালিক আশু সিঙকো আটক কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে পূৰ্বেও গুৱাহাটীত কেইবাবাৰো কেইবাখনো স্পাত আৰক্ষীয়ে এনে অভিযান চলাইছিল।

আৰক্ষীয়ে ইতিমধ্যে সংশ্লিষ্ট ধাৰাৰ অধীনত আটকাধীন লোককেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।