NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অসমৰ প্ৰখ্যাত হালমাৰী চাহৰ অভিলেখ

Posted by: এন ই নাও নিউজ June 28, 2018 2:51 pm
Halmari-tea-570x320

অসমৰ বিখ্যাত হালমাৰী চাহ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অভিলেখ মূল্যত নিলামত বিক্ৰি হৈছে। বুধবাৰে এই চাহপাতখিনি পূৰ্বৰ দৰেই এইবাৰো আসাম টী ট্ৰেডাৰ্ছৰ ললিত ডাগাই ক্ৰয় কৰি লয়। বুধবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কেজিত ৫১১.০০টকা দৰত মুঠ ৫১৫.১৪ কেজি চাহপাত বিক্ৰি হৈ যায়।

হালমাৰী চিটিচি (CTC) চাহ (চিটিচি হৈছে চাহপাত প্ৰস্তুতৰ এক পদ্ধতি য’ত কেঁচা চাহপাতখিনি ধাৰযুক্ত দাঁত-বিশিষ্ট  কেইবাটাও চুঙাকৃতিৰ ৰ’লাৰৰ ভিতৰত ক্ৰমান্বয়ে গুড়ি কৰা, চিঙা আৰু ভাঁজ কৰা হয়)

উল্লেখ্য যে  জুনৰ ১৯ তাৰিখে এই বিধ চাহপাত ৪৯১.০০টকা মূল্যত নিলাম হৈছিল। চিটিচি পদ্ধতিত প্ৰস্তুত কৰা অৰেঞ্জ পেকো গ্ৰেডৰ (বি অ পি) চাহপাতে অভিলেখ ভংগ কৰে।

এগৰাকী চাহ বাগিচাৰ শীৰ্ষ বিষয়াই জনাইছে যে অসমৰ আটাইতকৈ অধিক গুণমান চাহপাত বিধৰ ছেকেণ্ড ফ্লাশ্ব উৎপাদনখিনিয়েও ( বৰ্ষা চাহ হিচাপে পৰিচিত) বৰ্ধিত মূল্য লাভ কৰি আছে।

এই ছেকেণ্ড ফ্লাশ্ব চাহপাতখিনি ইয়াৰ গাঢ়তা আৰু কাঢ়াগুণৰ বাবে প্ৰখ্যাত।এই চাহপাতত এটা মল্টৰ সোৱাদ আৰু তীক্ষ্নতা অনুভুত হয়। ইয়াৰ সুন্দৰ গোন্ধ, সোৱাদৰ বাবে সমগ্ৰ বিশ্বতে ইয়াক সমাদৰ কৰা হয়।

এগৰাকী চাহ বাগিচাৰ বিষয়াই জনোৱা মতে সৰ্বোত্তম চাহপাতৰ সন্ধানত বিশ্বৰ বিভিন্ন স্থানৰ ক্ৰেতাই অসমৰ চাহ বাগিচাসমূহ ভ্ৰমণ কৰে।