NORTHEAST NOW (Assamese)
অসম

আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ চাবুৱাৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাত চাঞ্চল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 13, 2026 12:29 pm
আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ চাবুৱাৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাত চাঞ্চল্য

দেওবাৰে মাজ নিশা পৰেশ বৰুৱাৰ বাসগৃহৰ বাহিৰত দুটাকৈ গুলীচালনাৰ ঘটনাৰ পিছত অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত আতংক বিয়পি পৰে।

ডিব্ৰুগড় জিলাৰ জেৰাইগাওঁ সংযুক্ত মুক্তি বাহিনী অসম-স্বাধীন (ULFA-I)ৰ মুৰব্বীগৰাকীৰ জন্মস্থান হিচাপে পৰিচিত। কিন্তু ঘৰটোত বর্তমান পৰিয়ালসহ তেওঁৰ জ্যেষ্ঠ ভাতৃ বিপুল বৰুৱাই বসবাস কৰি আছে৷

প্ৰাৰম্ভিক খবৰ অনুসৰি, অচিনাক্ত দুষ্কৃতিকাৰীয়ে মাজনিশা বাসগৃহৰ কাষত দুটাকৈ গুলীচালনা কৰি পলায়ন কৰে।

পৰেশ বৰুৱাৰ প্ৰাক্তন ঘনিষ্ঠ সহযোগী অৰুণোদয় অসম নামেৰেও পৰিচিত অৰুণোদয় দহোতীয়াৰ শেহতীয়া প্ৰত্যাৱৰ্তনৰ সৈতে সম্ভাব্য সম্পৰ্ক থকাৰ অনুমানে ঘটনাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

দহোতীয়াই কেইবামাহো পূৰ্বে আত্মসমৰ্পণ কৰিছিল আৰু ম্যানমাৰৰ আলফা-স্বাধীন শিবিৰৰ পৰা ওলাই আহি এই কাণ্ডৰ মাত্ৰ দুদিন পূৰ্বে অঞ্চলটোত থকা নিজৰ বাসগৃহলৈ উভতি অহা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত বিপুল বৰুৱাই কয়, “নিশা ১২:১৫ মান বজাত সংঘটিত হয় ঘটনাটো।মই শুই থকা অৱস্থাত বাহিৰত বন্দুকৰ গুলীৰ শব্দ শুনি হঠাতে মোৰ ল’ৰাটো মোৰ ওচৰলৈ আহিল। মোৰ পত্নীও সাৰ পাই উঠিল। মই চিচিটিভি কেমেৰাবোৰ পৰীক্ষা কৰিলোঁ, কিন্তু একো দেখা নাপালোঁ। বাহিৰৰ গাৰ্ডসকলকো ঘটনাটোৱে সতৰ্ক কৰি দিলে। কিছু সময়ৰ পাছত মই লাহে লাহে পিছফালৰ দুৱাৰেদি বাহিৰলৈ ওলাই আহিলোঁ।”

তেওঁ লগতে কয়, “অতি সোনকালেই চুবুৰীয়া দুই এজনো গোট খালে। ঘৰটোত  গুলীৰ খোলা আৰু গুলীৰ চিন আছে নেকি আমি পৰীক্ষা কৰিলোঁ, কিন্তু আমি একো বিচাৰি নাপালোঁ। এই বিষয়ে আৰক্ষীক অৱগত কৰিছো।”

আৰক্ষীক সতৰ্ক কৰা হৈছে আৰু দোষীসকলক চিনাক্ত কৰি গুলীচালনাৰ আঁৰৰ উদ্দেশ্য জনাৰ বাবে তদন্ত চলি আছে।