NORTHEAST NOW (Assamese)
অসম

Lata Mangeshkar admitted to ICU: কৰ’নাত আক্ৰান্ত কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ; চিকিৎসাৰ বাবে ICU ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 11, 2022 1:20 pm
WhatsApp Image 2022-01-11 at 12.56.50 PM

Lata Mangeshkar admitted to ICU কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰ কৰ’নাত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হৈছে।বৰ্তমান শিল্পীগৰাকী আইচিইউত চিকিৎসাধীন হৈ আছে।

মঙলবাৰে ৯২বছৰীয়া কোকিলকণ্ঠী শিল্পী গৰাকী কোভিড-১৯ত আক্ৰান্ত হোৱাৰ খৱৰে তেওঁৰ অনুৰাগীসকলক চিন্তিত কৰি তুলিছে।

বাতৰি অনুসৰি, শিল্পীগৰাকীৰ দেহত কৰ’নাৰ মৃদু উপসৰ্গ দেখা দিছে। তেওঁৰ বয়সলৈকে চাই শিল্পীগৰাকীক আইচিইউত ভৰ্তি কৰা বুলি অনুমান কৰা হৈছে।

চিকিৎসকসকলে খুব সুক্ষ্মভাৱে বৰ্ষীয়ান শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা পৰ্যবেক্ষণ কৰি আছে।  

কিংবন্তি শিল্পী লতা মংগেশকাৰৰ ১৯২৯চনৰ ২৮ ছেপ্টেম্বৰত মধ্য প্ৰদেশৰ ইন্দোৰৰ এটি সংগীত পৰিয়ালত জন্ম হয়। পিতৃ দীননাথ মংগেশকাৰ আছিল মৰাঠী সংগীত জগতৰ প্ৰখ্যাত শাস্ত্ৰীয় কণ্ঠশিল্পী।

লতা মংগেশকাৰে মাত্ৰ ১৩বছৰ বয়সতে প্ৰথম এখন চলচ্চিত্ৰৰ বাবে গান বাণীবদ্ধ কৰিছিল। ১৯৪৫চনত মুম্বাইত ভৰি দিয়া লতা মংগেশকাৰে তাৰপাছত আৰু উভতি চাবলগীয়া হোৱা নাই।

১৯৫০ৰ পৰা সুদীৰ্ঘকাল কোকিলকণ্ঠী লতাৰ গানে দেশবাসীক মুগ্ধ কৰি ৰাখিছে। বিশ্বজুৰি সমাদৃত সুৰসম্ৰাজ্ঞী গৰাকীয়ে জীৱনজোৰা সাধনা বঁটাকে ধৰি পদ্মভূষণ, পদ্মবিভূষণ, দাদাচাহেব ফাল্কেৰ উপৰি দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নৰেও সন্মানিত হৈছে।

দেশৰ কোটি কোটি অনুৰাগীয়ে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।