NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক লৈ হেতালি খেলিছে কিয় অসম চৰকাৰে?

Posted by: অনিৰ্বাণ পাঠক July 17, 2018 4:47 pm
GMCH assam

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আধুনিক সা-সৰঞ্জাম আৰু বিশেষজ্ঞ চিকিৎসকেৰে সজ্জিত আটাইতকৈ উন্নত চিকিৎসালয় হোৱাৰ পিছতো সুপৰিচালনাৰ অভাৱত ভুগিছে দৈনিক কেইবা হাজাৰো ৰোগীক চিকিৎসা প্ৰদান কৰি অহা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে।

সকলো ধৰণৰ শ্ৰমিক-অধিকাৰৰ পৰা বঞ্চিত পাঁচ শতাধিক ঠিকাভিত্তিক কৰ্মচাৰীৰ পুঞ্জীভূত ক্ষোভৰ সুপ্ত আগ্নেয়গিৰিৰ ওপৰত ঠিয় হৈ আছে অগণন সাধাৰণ ৰাইজক ছুপাৰ স্পেচিয়েল্টি সেৱা আগবঢ়োৱা ৰাজহুৱা খণ্ডৰ এই বৃহত্তম চিকিৎসালয়খন। কিন্তু সমগ্ৰ বিষয়টোত উদাসীন হৈ আছে পৰিৱৰ্তন আৰু সুশাসনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা সোণোৱাল চৰকাৰ।

নৰ্থ ইষ্ট নাও-ৰ চৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে যে  অতি কম পাৰিশ্ৰমিকত, আনকি নিযুক্তি পত্ৰও নথকাকে এইসকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে ডেটা এণ্ট্ৰি কৰোঁতাৰ পৰা ফাৰ্মাচিষ্ট, নাৰ্ছলৈকে বিভিন্ন পদত সেৱা আগবঢ়াই আছে জি এম চি এইচ্ছৰ লগতে ইয়াৰ সৈতে সংলগ্ন মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত।

“১৯৯৭-৯৮ চনৰ পৰা জি এম চি এইচ্ছ কৰ্তৃপক্ষক আমাৰ একাংশ কৰ্মচাৰীয়ে নিৰৱচ্ছিন্নভাৱে তেওঁলোকৰ শ্ৰেষ্ঠতম আৰু সুদক্ষ সেৱা আগবঢ়াই আহিছে। আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৰাজ্য চৰকাৰৰ জৰুৰী সেৱাৰ অধীনত আজিলৈকে কম মজুৰিত সেৱা আগবঢ়াই আহিছো,” গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ সংস্থাই স্বয়ং প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্য্যালয়ৰ হস্তক্ষেপ বিচাৰি যোৱা ১৯ মাৰ্চত প্ৰেৰণ কৰা পত্ৰ (২০১৮/০৩/১৯ চি ই এ’ জি এম চি এইচ)ৰ বক্তব্য এয়া।

gmch contractual employees letter to pmo
প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়লৈ ঠিকাভিত্তিক কৰ্মচাৰীৰ সংস্থাই প্ৰেৰণ কৰা পত্ৰ

উল্লেখযোগ্য যে ২০১৩ চনৰ এখন আবেদনৰ বিপৰীতে দেশৰ উচ্চতম ন্যায়ালয়ে ২৬ অক্টোবৰ, ২০১৬ চনত দিয়া এক নিৰ্দেশৰ আধাৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ স্থায়ী কৰ্মচাৰীসকলৰ সমহাৰত মজুৰি বিচাৰি ঠিকাভিত্তিক কৰ্মচাৰীসকলে প্ৰধান মন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰ পোৱাৰ লগে লগে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ তথ্য বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰে।

কিন্তু দেশৰ প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ এই ‘জৰুৰী পত্ৰ’ৰ আজি ১৭ জুলাইলৈকে কোনো উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰীয়ে। আৰু সমগ্ৰ বিষয়টোত নীৰৱতাই হৈ পৰিছে অসমৰ সক্ৰিয় আৰু প্ৰভাৱশালী স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ সক্ৰিয়তা।

মন কৰিব লগীয়া যে প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ৰ পত্ৰ পোৱাৰ লগে লগেই যোৱা ২৪ এপ্ৰিলত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপ সচিব বিপুল কুমাৰ দাসে অসমৰ স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনলৈ প্ৰেৰণ কৰে এখন পত্ৰ (এইচ্ছ এল বি ২৩৭/ ২০১৮/ ৪), যাৰ প্ৰতিলিপি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক আৰু প্ৰধান মন্ত্ৰী কাৰ্য্যালয়লৈও প্ৰেৰণ কৰা হৈছিল।

‘এই পৰ্যন্ত চিকিৎসালয় কৰ্তৃপক্ষই প্ৰতিবেদন দাখিল কৰা নাই,’ নৰ্থ ইষ্ট নাও-ক জনালে স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে।

‘ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাছনি প্ৰক্ৰিয়া, প্ৰয়োজনীয় অৰ্হতা, যোগদানৰ তাৰিখ, বৰ্তমানৰ দৰমহাৰ নিৰিখ, চিকিৎসালয় পৰিচালনা সমিতিৰ প্ৰাপ্তি আৰু খৰচ অনুযায়ী ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য খৰচৰ বিস্তৃত প্ৰতিবেদন’ ‘অতি জৰুৰী’ভাৱে দাখিল কৰিবলৈ স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ বৰ্মনে যোৱা ১৫ মে’তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক নিৰ্দেশ দিছিল।

কৰ্মচাৰীসকলে প্ৰধান মন্ত্ৰী কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে এই ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নিযুক্তি আৰু তদাৰকী কৰে চিকিৎসালয় পৰিচালনা সমিতিয়ে যাৰ অধ্যক্ষ আৰু অৱৰ সচিব হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষক।

ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নিযুক্তিত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ অনুমোদন আছে নে নাই সোধাত স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে নৰ্থ ইষ্ট নাও-ক জনায়, “ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ অনুমোদনৰ কথা নাথাকে। চৰকাৰক চিকিৎসালয় কৰ্তৃপক্ষই এই বিষয়ে জনাব পাৰে, কিন্তু এইক্ষেত্ৰত চিকিৎসালয় পৰিচালনা সমিতিৰ সম্পূৰ্ণ স্বাধীনতা থাকে।”

অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপ সচিবে স্বাস্থ্য শিক্ষা সঞ্চালকক দিয়া নিৰ্দেশ

অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তন অনাৰ কৃতিত্ব দাবী কৰি অহাৰ সময়তে নৰ্থ ইষ্ট নাও-ৰ অনুসন্ধানত ঠিকাভিত্তিক কৰ্মচাৰীসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাও পোহৰলৈ আহিছে।

অভিযোগ অনুসৰি ২০১৬ চনৰ ফেব্ৰুৱাৰিৰ পৰাই বৃদ্ধি হোৱা নাই তেওঁলোকৰ দৰমহা। পঞ্জীয়ন কক্ষ আৰু ফাৰ্মাচিত কৰ্মৰত কৰ্মচাৰীসকলে নাপায় সপ্তাহত পাবলগীয়া বন্ধটোও। আনহাতে, তেওঁলোকে অতিৰিক্ত দায়িত্বৰ ভাট্টাও নাপায়।

বেমাৰ-আজাৰ আনকি পিতৃ-মাতৃৰ মৃত্যুতো তেওঁলোকৰ নাই ছুটী। চিকিৎসালয়ৰ কৰ্মচাৰী হোৱা সত্ত্বেও তেওঁলোকে নাপায় বিনামূলীয়া চিকিৎসাৰ সুবিধা।

আচৰিত হ’ব লগীয়া যে নিযুক্তি পত্ৰও নোহোৱাকৈ কাম কৰি আহিছে এই কৰ্মচাৰীসকলে। এগৰাকী কৰ্মচাৰীয়ে নৰ্থ-ইষ্ট নাও-ক জনোৱা মতে তেওঁক নিযুক্তিৰ সময়ত চিকিৎসালয় কৰ্তৃপক্ষই ৩ মাহৰ বৈধতা থকা এখন নিযুক্তি পত্ৰ দিছিল, কিন্তু তাৰ ম্যাদ কেতিয়াবাই উকলি গ’ল।

কিন্তু নিযুক্তি পত্ৰই নথকা, পৃথিৱীৰ সকলো শ্ৰমিক আইন উলংঘনেৰে কামত খটুৱাই ৰখা এই অসহায় কৰ্মচাৰীসকলে চাকৰি যোৱাৰ ভয়ত মুখ খুলিব নোখোজে।

এতিয়া ঠিকাভিত্তিক এই কৰ্মচাৰীসকলে যদি আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰে, দুয়োখন চিকিৎসালয়েই অচল হৈ পৰাটো নিশ্চিত।

এই পৰিস্থিতিৰ দায়িত্ব ল’বনে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?