NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়ালে ৱিণ্ট্ৰব চিকিৎসালয়ে

Posted by: এন ই নাও নিউজ April 28, 2018 8:28 pm
HEALTH-CHECKUP-CAMP

গুৱাহাটীৰ ৱিণ্ট্ৰব চিকিৎসালয় ( Wintrobe Hospital )এ আজি ২৮ এপ্ৰিল শনিবাৰে আবেলি ৩ বজাৰ পৰা ৫ বজালৈ গুৱাহাটী প্ৰে’ছ ক্লাবৰ সাপ্তাহিক অ’পিডি ক্লিনিকত সেৱা আগবঢ়ায়।

চিকিৎসালয়খনৰ হৈ অস্থি বিশেষজ্ঞ ডাঃ জয় দীপ ঘোষ আৰু ডাঃ মাজাহুৰুল ইছলামে আজিৰ শিবিৰটোত বিনামূলীয়াকৈ সেৱা আগবঢ়ায়।

শিবিৰটোত ফিজিঅ’থেৰাপিষ্ট ডাঃ চিন্তু বৰ্মন আৰু ডাঃ বীৰেশ শৰ্মাৰ লগতে নাৰ্ছ পিংকি বৰুৱা আৰু জোনমণি দেৱীয়ে চিকিৎসককেইজনক সহযোগিতা আগবঢ়ায়। চিকিৎসালয়খনৰ কাৰ্য্যবাহী পৰিচালক জাহিদুৰ ৰহমানো শিবিৰটোত উপস্থিত আছিল।

শিবিৰটোত সাংবাদিকসকলে ওজন আৰু ৰক্তচাপো পৰীক্ষা কৰায়।

প্ৰে’ছ ক্লাবৰ যোৱা ক্লিনিকটোত সেৱা আগবঢ়াইছিল গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ৰ ডাঃ চন্দন মুদকে।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।