চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি; বন বিভাগৰ লোককে দা’ লাঠীৰে আক্ৰমণ

ৰংজুলি বনাঞ্চলত বনজ সম্পদৰ সুৰক্ষাৰ বাবে থকা বন বিভাগৰ লোকৰ নিজৰে নিৰাপত্তা নাইকীয়া হৈছে।
মন কৰিব লগীয়া যে শনিবাৰে নিশা ৰংজুলি বনাঞ্চলত দুৰ্বৃত্তই বন বিভাগৰ লোকৰ ওপৰতে আক্ৰমণ কৰাৰ দৰে সংঘটিত হয় এক বিপৰীত ছবি। আনকি দুৰ্বৃত্তৰ দলটোৱে বন বিভাগৰ কৰ্মী সকলক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে বন শিবিৰ জ্বলাই দিয়াৰো ভাবুকি প্ৰদান কৰে।
উল্লেখযোগ্য যে শনিবাৰে নিশা ৰংজুলি বনাঞ্চলৰ খেৰোপাৰা ৰিৰ্জাভৰ অন্তৰ্গত কানকাটা বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া খগেন্দ্ৰনাথ কলিতাৰ নেতৃত্বত এটা বন কৰ্মীৰ দলে নিয়মীয়া পে’ট্ৰলিঙত যাওঁতে কানকাটা গাঁৱত দুখন ঠেলাত চোৰাং কাঠ সৰবৰাহ কৰা এটা দলৰ সৈতে মুখামুখী হয়।
লগে লগে বন বিভাগৰ দলটোয়ে ঠেলাসহ চোৰাং কাঠখিনি জব্দ কৰে। কিন্তু চোৰাং কাঠখিনি জব্দ কৰাৰ লগে লগে কাঠ কঢ়িয়াই অনা দলটোৱে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ফলত লগে লগে ২০/২৫ জনীয়া এটা দুৰ্বৃত্তৰ দল ওলাই আহি বন বিভাগৰ কৰ্মী দা’, লাঠীৰে আক্ৰমণ কৰি জব্দ কৰা চোৰাং কাঠখিনি বন বিভাগৰ কবলৰ পৰা লৈ যায়।
ইফালে ঘটনাৰ আকস্মিকতাত কিং কৰ্তব্য বিমূঢ় হৈ পৰা বন কৰ্মীৰ দলটোৰ নীৰৱ দৰ্শক হৈ থকাৰ বাহিৰে উপায় নাইকিয়া হ’ল। ঘটনাটোত খগেন্দ্ৰনাথ কলিতাৰ লগতে বন বিভাগৰ লালমোহন বড়ো, অনুপ কুমাৰ দাস আৰু ইৰেন ৰাভা আহত হয়। আৰু আহত সকল শিমলীতোৱা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি হয়।
ইতিমধ্যে ঘটনা সন্দৰ্ভত শিমলীতোলা আৰক্ষী চকীত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ২০১৭ বৰ্ষৰ ৯ এপ্ৰিলত একেখন ৰিজাৰ্ভৰে খেৰোপাৰাত ৰংজুলিৰ আঞ্চলিক বন বিষয়া সহ ১০ জন বন বিষয়া, কৰ্মীক চোৰাং কাঠ বেপাৰীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল।