NORTHEAST NOW (Assamese)
অসম

ৰাজ্যিক চিকিৎসালয় এখন থকাৰ পিছতো কোকিলাত বেজৰ ওচৰলৈ ঢাপলি মেলিছে ৰোগী

Posted by: ইয়াছীন আলি August 5, 2018 10:29 am
Photo from Yeasin Ali, Kokila -20180804_153151

বঙাইগাঁও জিলাৰ বৃহত্তৰ কোকিলা অঞ্চলত স্বাস্থ্য সেৱাৰ ফোঁপোলা স্বৰূপ উদঙাই ৰাইজ শৰণাপন্ন হ’বলগীয়া হৈছে গাঁৱলীয়া বেজৰ। দুৰ্ভাগ্যজনকভাৱে, চৰকাৰৰ স্বাস্থ্য সেৱাৰ অভিলাষী আঁচনি ইয়াত ধোঁৱাচাঙত পৰিণত হৈছে।

এখন ৰাজ্যিক চিকিৎসালয় থকাৰ পিছতো এই বৃহত্তৰ অঞ্চলটোত দুৰ্ভাগ্যজনক কথাটো হ’ল যে উপযুক্ত চিকিৎসা ব্যৱস্থা নথকাৰ বাবেই বেজৰ আশ্ৰয় ল’বলগীয়া হৈছে স্থানীয় ৰোগীসকলে। চিকিৎসকৰ অনিয়মীয়া উপস্থিতি, নাৰ্ছৰ অভাৱ আদি সমস্যাৰ বাবে চিকিৎসালয়খনত ক্ৰমান্বয়ে ৰোগীৰ ভিৰ নাইকীয়া হৈ পৰিছে।

Photo from Yeasin Ali, Bongaigaon -20180804_153210
চিকিৎসাৰ সু-ব্যৱস্থাৰ অভাৱত বেজৰ শৰণাপন্ন হৈছে ৰোগী। ফটো: ইয়াছীন আলী

আনহাতে, স্বাস্থ্য সেৱাৰ আমূল পৰিৱৰ্তনৰ কথা স্বাস্থ্যমন্ত্ৰীয়ে যিমানেই নকওঁক কিয় বঙাইগাঁও জিলাৰ এইখন চাকলা কোকিলা ৰাজ্যিক চিকিৎসালয়ে ইয়াৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে।

ইয়াত ৰাজ্যিক চিকিৎসালয়খন নামতহে আছে। কোনো প্ৰকাৰৰ এম্বুলেঞ্চৰ ব্যৱস্থা ইয়াত নাই। যাৰ বাবে ঠেলা, চাইকেলেৰেই দূৰ-দূৰণিৰ পৰা ৰোগীক চিকিৎসালয়লৈ লৈ আনিবলগীয়া হয়। তদুপৰি, ৰাজ্যিক চিকিৎসালয়খনত যদি কেতিয়াবা চিকিৎসক আছে নাৰ্ছ নাই, যদি নাৰ্ছ আছে চিকিৎসক নাই আৰু যদি নাৰ্ছ, চিকিৎসক দুয়োটাই থাকে তেন্তে পৰ্যাপ্ত ঔষধ নাথাকে।

ৰাজ্যিক চিকিৎসলয় খনত চিকিৎসাৰ সু-ব্যৱস্থা নথকাৰ বাবেই এতিয়া বহু ৰোগীয়ে বেজকে বিশ্বাসত ল’বলৈ বাধ্য হৈ পৰিছে বুলি জানিব পৰা গৈছে। আনহাতে, এই ৰাজ্যিক চিকিৎসালয়খনৰ প্ৰতি স্বাস্থ্যমন্ত্ৰীয়ে দৃষ্টি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে।