NORTHEAST NOW (Assamese)

গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া অ’পিডি ক্লিনিকত ২৮ ফেব্ৰুৱাৰিত সেৱা আগবঢ়াব আয়ুৰ্বেদিক চিকিৎসকে

February 26, 2018 6:27 pm · এন ই নাও নিউজ

গুৱাহাটী প্ৰে’ছ ক্লাবৰ পৰৱৰ্তী মীডিয়া অ’পিডি ক্লিনিকত অহা বুধবাৰে (২৮ ফেব্ৰুৱাৰি) এদল আয়ুৰ্বেদিক চিকিৎসকে সেৱা আগবঢ়াব।

সেইদিনা আবেলি ৩ৰ পৰা ৫ বজালৈ প্ৰে’ছ ক্লাবত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ভৱেশ দাসৰ নেতৃত্বত ডঃ এচ কে’ চক্ৰবৰ্তী আৰু ডঃ নীলাক্ষি দেৱ চৌধুৰীকে ধৰি এদল চিকিৎসক উপস্থিত থাকিব।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে এই মীডিয়া ক্লিনিকটোত  বিনামূলীয়াকৈ চিকিৎসকসকলৰ পৰামৰ্শ আৰু প্ৰাৰম্ভিক চিকিৎসা ল’ব পাৰিব।

যোৱা ২৩ ফেব্ৰুৱাৰিত ‘চিকিৎসকৰ সৈতে এসন্ধ্যা’ (Evening with a Doctor) শীৰ্ষক এই ক্লিনিকটোত অংশগ্ৰহণ কৰিছিল গুৱাহাটীৰ দাঁত বিশেষজ্ঞ ডঃ বীৰেন্দ্ৰ নাথ পাটগিৰীয়ে।

গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।

Related News