NORTHEAST NOW (Assamese)
অসম

আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰতিযোগিতাত কোকিলা পূবপাৰা হাইমাদ্ৰাছাৰ সফলতা

Posted by: ইয়াছিন আলী February 26, 2018 6:43 pm
Aryabhata

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সৌজন্যত আৰু মকবুল ফিদা হুছেইন ফাইন আৰ্টচৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাত কোকিলা পূবপাৰা হাইমাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীৰ জয়যাত্ৰা অভ্যাহত আছে।

জানিব পৰা মতে, প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা প্ৰতিযোগিতাখনত কোকিলা পূবপাৰা হাইমাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীয়ে সফলতা দেখুৱাই আহিছে।

যোৱা ২৩ ফ্ৰেব্ৰুৱাৰিত কোকিলা পূবপাৰা হাইমাদ্ৰাছাত অনুষ্ঠিত প্ৰতিযোগিতাৰ পুৱা পতাকা উত্তোলন কৰে সৃজনগ্ৰাম আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি সাহাব উদ্দিনে। ইয়াৰ পিছত কেন্দ্ৰটোৰ বিষয়া আবুল কালাম আজাদৰ নেতৃত্বত বিদ্যালয় চৌহদৰ লগতে বজাৰ এলেকা পৰিস্কাৰ কৰা হয়।

দুপৰীয়া বিজ্ঞান মডেল প্ৰস্তুতকৰন প্ৰতিযোগিতাত ওমৰ ফাৰুক আৰু আছলাম ছিদ্দিকে প্ৰথম, জাহান উদ্দিন আৰু তোফাজ্জেল হুছেইনে দ্বিতীয়, আকস্মিক বক্তৃতাত জাহান উদ্দিনে প্ৰথম আৰু তোফাজ্জেল হুছেইন দ্বিতীয়, চিত্ৰাংকন প্ৰতিযোগিতাত আলমিনা আখতাৰে প্ৰথম আৰু ফাতিমা আখতাৰে দ্বিতীয় স্থান লাভ কৰে।

প্ৰতিযোগিতাত ৭ খন বিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল যদিও আটাইকেইটা বঁটা কোকিলা পূবপাৰা হাইমাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীয়ে দখল কৰিবলৈ সক্ষম হয়।

আবেলি সৃজনগ্ৰাম আয্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি সাহাব উদ্দিনৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বৰপেটা জিলা আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সম্পাদক হানিফ মোস্তাক আহমেদে মুখ্য অতিথি, আয্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়া ক্ৰমে আবুল কালাম আজাদ, আব্দুল কাদেৰ, আবুল কাশেম, আব্দুল ৰহিম আৰু নাছিৰ উদ্দিনে ভাষণ দিয়ে।

আনহাতে প্ৰতিযোগিতাখনত সফলতা দেখুওৱা ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।