NORTHEAST NOW (Assamese)
অসম

দেশত দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস; কমিল ২৪ ঘন্টাত মৃত্যুৰ সংখ্যাও

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 10, 2021 2:11 pm
Third COVID-19 wave may not happen if we take strong measures, says Centre

দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌৱে ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰাৰ মাজতে যোৱা ২৪ঘন্টাত দেশত দৈনিক আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা কিছু হ্ৰাস পাইছে।

বিগত ২৪ ঘন্টাত দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ৪লাখৰ তললৈ নামিছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩ লাখ ৬৬হাজাৰ ১৬১ জন লোক। দেওবাৰৰ তুলনাত এয়া বহুখিনিয়েই কম।

সেইদৰে যোৱা ২৪ ঘণ্টাত দেশত ৩হাজাৰ ৭৫৪ জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩লাখ ৫৩হাজাৰ ৮১৮ জন ৰোগীয়ে। সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ১কোটি ৮৬লাখ ৭১ হাজাৰ ২২২ জন লোক।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ২লাখ ৪৬ হাজাৰ ২৩৭ জনৰ।

আনহাতে, বৰ্তমানেও দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৩৭লাখ ৪৫হাজাৰ ২৩৭জন।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ২কোটি ২৬লাখ ৬২হাজাৰ ৫৭৫জনলৈ বৃদ্ধি পাইছে।

বৰ্তমানলৈ দেশত ১৭কোটি ১ লাখ ৭৬হাজাৰ ৬০৩ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

ইপিনে, কৰ’নাৰ দ্বিতীয়টো ঢৌৰ সন্ত্ৰাসৰ মাজতে বিশেষজ্ঞসকলে তৃতীয় ঢৌৰ আশংকা প্ৰকাশ কৰিছে। চলিত বছৰৰ মাজভাগতে দেশত তৃতীয় ঢৌ আহি পৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে।