NORTHEAST NOW (Assamese)
অসম

আকৌ আহিছে নিপাহ ভাইৰাছ : ত্ৰিপুৰাত এলাৰ্ট জাৰি

Posted by: এন ই নাও নিউজ March 20, 2019 9:42 pm
NipahVirus

সীমান্তৱৰ্তী বাংলাদেশত নিপাহ ভাইৰাছত পাঁচজনকৈ লোকৰ মৃত্যুৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে সষ্টম হৈ পৰিছে ত্ৰিপুৰা চৰকাৰ। বুধবাৰে নিপাহ ভাইৰাছ সম্বন্ধে এলাৰ্ট জাৰি কৰিছে ৰাজ্য চৰকাৰখনে।

‘‘বাংলাদেশত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ পাঁচজন লোকৰ মৃত্যু হোৱাৰ পাছতে আমি ত্ৰিপুৰাৰ প্ৰতিখন জিলাত এলাৰ্ট জাৰি কৰিছো’’ বুধবাৰে আগৰতলাত এনেদৰে মন্তব্য কৰে পৰিয়াল কল্যাণ আৰু প্ৰতিৰোধী দৰৱ বিভাগৰ যুটীয়া সচিব ড০ পি চেতাৰ্জীয়ে।

বাংলাদেশৰ ভাৰত আৰু বাংলাদেশ সীমান্তৱৰ্তী গাঁৱত সংঘটিত হয় ঘটনাতো। প্ৰতিবেশী ৰাষ্ট্ৰখনত নিপাহ ভাইৰাছৰ উপস্থিতিৰ পাছতে ভাৰত চৰকাৰে ত্ৰিপুৰা চৰকাৰক ৰাজ্যখনত এলাৰ্ট জাৰি কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল বুলি চেতাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

উল্লেখযোগ্য যে নিপাহ ভাইৰাছ সাধাৰণতে বাদুলীৰ পৰা বিয়পে। ত্ৰিপুৰা চৰকাৰে ইতিমধ্যে প্ৰতিখন জিলাৰ মুখ্য চিকিৎসা বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে।

আনহাতে, ত্ৰিপুৰাৰ লগতে বাংলাদেশ সীমান্তৰ গাত লাগি থকা অসমতো এই ভাইৰাছে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।