NORTHEAST NOW (Assamese)
অসম

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই মুখ্য অস্ত্ৰ নিৰ্মাতা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত চীনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2022 11:26 am

China decided to ban US arms companies চীনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা বৃহৎ অস্ত্ৰ নিৰ্মাতা কোম্পানী ৰিথন আৰু বোয়িংৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে।

পেন্টাগনৰ দ্বাৰা টাইৱানলৈ বৃহৎ পৰিমাণৰ অস্ত্ৰ সৰবৰাহত তেওঁলোকৰ অৱদানৰ বাবে দুয়োটা সৰ্ববৃহৎ অস্ত্ৰ নিৰ্মাতাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে চীনে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে শুকুৰবাৰে বেইজিঙত এক সংবাদমেলৰ সময়ত এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে।

লগতে পঢ়ক: ৰাণী এলিজাবেথৰ কফিনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া নহয় চীনা প্ৰতিনিধিক!

তেওঁ কয় যে ৰেথন টেকন’লজিৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া গ্ৰেগৰী জে. হেইজ আৰু বোয়িং ডিফেন্স, স্পেচ এণ্ড ছিকিউৰিটিৰ প্ৰেছিডেন্ট তথা মুখ্য কাৰ্যবাহী বিষয়া থিঅ’ডৰ ক’লবাৰ্টৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণাৰ সিদ্ধান্ত লোৱা হৈছে।

টাইৱানলৈ ১০০কোটি ৬০ লাখ ডলাৰৰ নতুন অস্ত্ৰ সৰবৰাহৰ পৰিপ্ৰেক্ষিতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুয়োটা অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ মুৰব্বীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ বৈদেশিক সম্পৰ্ক সমিতিয়ে ‘টাইৱান পলিচি এক্ট’ নামৰ এখন বিধেয়ক গৃহীত কৰে। সেই বিধেয়কৰ অধীনত আমেৰিকা যুক্তৰাষ্ট্ৰই এই অস্ত্ৰ নতুনকৈ টাইৱানক দিব।

লগতে পঢ়ক: অনুশোচনা! ৪৩ বছৰত ৫৩ বাৰ বিবাহপাশত আৱদ্ধ হৈও কোনোমতেই নাপালে সুখ

বিধেয়কখন এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ দ্বাৰা গৃহীত কৰা হ’ব আৰু তাৰ পিছত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে হোৱাইট হাউচলৈ প্ৰেৰণ কৰা হ’ব। যদি ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত স্বাক্ষৰ কৰে তেন্তে ই আইনত পৰিণত হ’ব।

আনহাতে, চীনে টাইৱানক নিজৰ ভূখণ্ড বুলি গণ্য কৰে আৰু আমেৰিকা চৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ যোগানক চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি বিবেচনা কৰে।