NORTHEAST NOW (Assamese)
অসম

দুবছৰ পুৰণি দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ আপৰ বিধায়ক; দলৰ দাবী অভিযোগ ভিত্তিহীন

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী September 17, 2022 12:02 pm

দিল্লী ৱাকফ ব’ৰ্ডৰ দ্বাৰা অবৈধ নিযুক্তি সম্পৰ্কীয় এটা দুবছৰ পুৰণি গোচৰৰ সন্দৰ্ভত আপৰ বিধায়ক আমানতুল্লা খানক গ্ৰেপ্তাৰ কৰা হৈছে।

শুকুবাৰে গোচৰটোত আপৰ বিধায়কজনক প্ৰথমে সোধা-পোছা কৰা হৈছিল। আমানতুল্লাক দিল্লী দুৰ্নীতি বিৰোধী শাখাই সন্ধিয়া তালাচী অভিযানৰ পিছত গ্ৰেপ্তাৰ কৰে।

অৱশ্যে এই গ্ৰেপ্তাৰৰ ঘটনাত দলটো ৪৮ বছৰীয়া বিধায়কজনৰ সমৰ্থনত আছে। দলৰ বিধায়কজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে আপে।

লগতে পঢ়ক: ৰাণী এলিজাবেথৰ কফিনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া নহয় চীনা প্ৰতিনিধিক!

২০২০ চনৰ পুৰণি গোচৰটোৰ সন্দৰ্ভত শুকুৰবাৰে দুপৰীয়া ২ বজাত আমানতুল্লাক সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল।

দুৰ্নীতি নিবাৰক শাখাৰ দাবী, “যেতিয়া আমানতুল্লা খান দিল্লী ৱাকফ বোৰ্ডৰ অধ্যক্ষ আছিল, তেতিয়া তেওঁ সকলো নিয়ম আৰু চৰকাৰী নিৰ্দেশনা উলংঘা কৰি অবৈধভাৱে ৩২ জন লোকক নিযুক্তি দিছিল। তেওঁৰ বিৰুদ্ধে নিযুক্তি দুৰ্নীতি আৰু পক্ষপাতিত্বৰ অভিযোগ আছে। দিল্লী ৱাকফ বোৰ্ডৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়াই অবৈধ নিযুক্তিৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ উপৰিও এখন স্মাৰকপত্ৰ দাখিল কৰিছিল।‘’

দুৰ্নীতি বিৰোধী শাখাই লগতে দাবী কৰে যে যেতিয়া তেওঁলোকে আমানতুল্লাৰ কাৰ্যালয় আৰু ঘৰত তালাচী চলাই আছিল, বিধায়কজনৰ পৰিয়ালৰ সদস্যসকলে তেওঁলোকক আক্ৰমণ কৰিছিল। আমানতুল্লাৰ বিৰুদ্ধে দিল্লী ৱাকফ বোৰ্ডৰ পুঁজি অপব্যৱহাৰ কৰাৰো অভিযোগ আছে।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুই মুখ্য অস্ত্ৰ নিৰ্মাতা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত চীনৰ

তালাচীৰ সময়ত আৰক্ষীয়ে আমানতুল্লাৰ ঘৰৰ পৰা নগদ ২৪ লাখ টকা আৰু দুটা অবৈধ আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰে। অৱশ্যে আপে কয় যে গ্ৰেপ্তাৰটো “ভিত্তিহীন অভিযোগ”ৰ ওপৰত আধাৰিত। তেওঁৰ ঘৰ আৰু কাৰ্যালয়ত তালাচী চলাই একো পোৱা নগ’ল। এইটো আপক বদনাম কৰাৰ আৰু বিধায়কজনৰ ভাবমূৰ্তি কলুষিত কৰাৰ এটা প্ৰয়াস।‘’