NORTHEAST NOW (Assamese)

২০ ফেব্ৰুৱাৰিৰ পৰা গুৱাহাটী বিশ্ব বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান চলচ্চিত্ৰ মহোৎসৱ

February 10, 2018 10:39 pm · এন ই নাও নিউজ

গুৱাহাটী বিশ্ব বিদ্যালয়ত ২০ৰ পৰা ২৪ ফেব্ৰুৱাৰিলৈকে অষ্টম সংখ্যক ৰাষ্ট্ৰীয় বিজ্ঞান চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব।

গুৱাহাটী বিশ্ব বিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ স্বতন্ত্ৰ সংস্থা বিজ্ঞান প্ৰসাৰে উক্ত চলচ্চিত্ৰ মহোৎসৱটো আয়োজিত কৰিছে।

মহোৎসৱটোৰ মূল উদ্দেশ্য হৈছে বিভিন্ন বিশ্ববিদ্যালয়, শৈক্ষিক আৰু গৱেষণা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী সকলে ব্যক্তিগত বা সমূহীয়াভাৱে লোৱা চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰচেষ্টাক উদগণি যোগোৱা।

প্ৰতিযোগিতাখন বিজ্ঞান, প্ৰযুক্তি, ঔষধ, উদ্ভাৱন, পৰিৱেশ আৰু স্বাস্থ্য আদি বিষয়ত নিৰ্মিত চলচ্চিত্ৰ সমূহৰ বাবে মুকলি থাকিব বুলি বিশ্ববিদ্যালয়খনৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

বিষয়া গৰাকীয়ে কয়, ‘চলচ্চিত্ৰ সমূহক তথ্যচিত্ৰ, এনিমেশ্যন, চুটি ছবি আদি শিতানত ভাগ কৰা হ’ব।’

নিৰ্বাচিত হোৱা চলচ্চিত্ৰৰ ক্ষেত্ৰত চলচ্চিত্ৰখনৰ এটি সাৰাংশ উদ্যোক্তা সমিতিলৈ পঠিয়াব লাগিব। ইয়াৰ পিছত চলচ্চিত্ৰখনৰ মূল্যাংকন কৰি বিভিন্ন শিতানত ভাগ কৰা হ’ব।

উঠি অহা চলচ্চিত্ৰ নিৰ্মাতা সকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে মহোৎসৱটোত বৈজ্ঞানিক সমাজলৈ দীৰ্ঘস্থায়ী প্ৰভাৱ পেলোৱা চলচ্চিত্ৰ সমূহৰ নিৰ্মাতা সকলক আমন্ত্ৰণ কৰা হৈছে।

Related News