NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰে’লৱে’ ষ্টেইশ্যনত ১৬ লাখ টকা জব্দ ৰেইলৱে’ আৰক্ষীৰ : চাৰিজনক আটক

Posted by: এন ই নাও নিউজ May 1, 2018 3:46 pm
RailwayMoney

আজি দুপৰীয়া নিয়মীয়া অনুসন্ধানৰ সময়ত ৰেইলৱে’ আৰক্ষীয়ে গুৱাহাটী ৰেইলৱে’ ষ্টেইশ্যনত চাৰিজন লোকৰ জিম্মাৰ পৰা ১৬ লাখ টকা জব্দ কৰে। ষ্টেইশ্যনত ৰৈ থকা আগৰতলা-দিল্লী ৰাজধানী এক্সপ্ৰেছত টকাখিনি জব্দ কৰা হয়। লগতে আৰক্ষীয়ে এই টকাখিনি অনা লোককেইজনকো আটক কৰে।

RailWay_MoneyRecover
ৰেইল আৰক্ষীয়ে গুৱাহাটী ষ্টেইশ্যনত জব্দ কৰা টকাৰ বাণ্ডিলকেইটা।

আৰক্ষীয়ে জনোৱা মতে, টকাখিনি ৮টা দুহেজাৰ টকীয়া বাণ্ডিলত আছিল। ৰেইলৱে’ আৰক্ষীয়ে আটক কৰা লোক চাৰিজন হ’ল সঞ্জয় কুমাৰ সিং, অজয় কুমাৰ সিং, দিন্দেশ্বৰ সিং আৰু জগদীশ প্ৰসাদ সিং। তেওঁলোকৰ ঘৰ পাটনাত বুলি জানিব পৰা গৈছে।

তেওঁলোকে টকাখিনি এটা ইটা ভাতাৰ নামত সৰবৰাহ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিছে। তেওঁলোকে টকাখিনি লৈ শিলচৰৰ পৰা পাটনালৈ গৈ আছিল। কিন্তু ৰেইল বিভাগৰ নিয়মমতে, এজন ব্যক্তিয়ে ২ লাখ টকাতকৈ অধিক সৰবৰাহ কৰিব নোৱাৰে।ঘটনা সন্দৰ্ভত লোককেইজনক জেৰা অব্যাহত ৰাখিছে ৰেইল আৰক্ষীয়ে।