NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত চিকিৎসালয়তে আত্মহত্যাৰ চেষ্টা কিশোৰীৰ : অভাৱী শ্ৰমিক পিতৃ-মাতৃৰ বোজা কমোৱাৰ প্ৰয়াস

Posted by: এন ই নাও নিউজ May 3, 2018 6:08 pm
suicide

বৃহস্পিতবাৰে গোলাঘাটৰ এখন চিকিৎসালয়ত সংঘটিত দুৰ্ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চাৰিদিন পূৰ্বে ভৰ্তি কৰা এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে চিকিৎসালয়খনৰ প্ৰথম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ চেষ্টা কৰে।

প্ৰাপ্ত তথ্য মতে কিশোৰী গৰাকীক পৰিয়ালৰ লোকে চাৰিদিন পূৰ্বে চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল। কিন্তু কিশোৰী গৰাকী আৰোগ্য হোৱা নাছিল।

আনহাতে উন্নত চিকিৎসাৰ বাবে পদুমণি চাহ বাগিচাৰ শ্ৰমিক হিচাপে কৰ্মৰত কিশোৰী গৰাকীৰ পিতৃ-মাতৃৰ প্ৰয়োজনীয় ধনৰ অভাৱ হৈছিল। এই কথা কিশোৰীগৰাকীয়ে জানিব পাৰি  হতাশাত ভোগাৰ লগতে মানসিকভাৱে ভাগি পৰিছিল।

ফলত কিশোৰী গৰাকীয়ে আজি চিকিৎসালয়খনৰ পৰা প্ৰথম মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে।

আত্মহত্যাৰ চেষ্টা কৰা কিশোৰীগৰাকী বৰ্তমান গুৰুতৰপূৰ্ণভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সংজ্ঞাহীন অৱস্থাত আছে। কিশোৰী গৰাকীয়ে মূৰত আৰু কঁকালত গুৰুতৰভাৱে আঘাত পোৱাত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।