NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত ড০ বি আৰ আম্বেডকাৰ ভৱন উদ্বোধন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই

Posted by: ঋতুপল্লৱ শইকীয়া July 7, 2018 8:15 pm
07-07-18 Golaghat- Chandan Brahma- inaugurates Ambedkar Bhawan (3)

ৰাজ্যৰ পৰ্যটন আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী চন্দন ব্ৰহ্মই আজি গোলাঘাটত ড০ বি আৰ আম্বেডকাৰ ভৱন উদ্বোধন কৰে।

নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰি মন্ত্ৰী ব্ৰহ্মই কয় যে উক্ত ভৱনটোক অতিথিশালা তথা বিভিন্ন ৰাজহুৱা সভা বা অনুষ্ঠান আয়োজনৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। যদিও ভৱনটো ব্যৱহাৰৰ ক্ষেত্ৰত মূলত অনুসূচিত জাতিৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া হ’ব ইয়াক অন্যান্য লোকেও ব্যৱহাৰ কৰিব পাৰিব।

উল্লেখযোগ্য যে অনুসূচিত জাতি পৰিষদে দান দিয়া মাটিত মুঠ ৯১,১৪,৫০০ টকা ব্যয়েৰে ভৱৱটো নিৰ্মাণ কৰা হয়।

উদ্বোধনী অনুষ্ঠানত গোলাঘাটৰ জিলা উপায়ুক্ত গৌৰৱ বথ্ৰা, আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয়, অনুসূচিত জাতি কল্যাণৰ সঞ্চালক লীনা দাস, অতিৰিক্ত উপায়ুক্ত উৎপল দলে, সদৰ মহকুমাধিপতি মনোজ্যোতি কুটুম তথা বিভাগীয় বিষয়ববীয়া আৰু কৰ্মচাৰী উপস্থিত থাকে।