NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ: বন্ধ থাকিব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 15, 2020 10:01 pm
entrance-of-assam-state-zoo

কৰ’নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক পদক্ষেপ হিচাপে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা অহা ২৯ মাৰ্চলৈকে বন্ধ থাকিব।

চৰকাৰে ইতিমধ্যে ৰাজ্যৰ সকলো স্কুল, কলেজ, বিশ্ববিদ্যালয় আৰু ছুইমিং পুল ২৯ মাৰ্চলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে।

CBSE, চেবা আৰু অন্যান্য ব’ৰ্ড পৰীক্ষাৰ বাহিৰে সকলো স্কুল-কলেজৰ পৰীক্ষা বাতিল কৰা হৈছে।

ইয়াৰ উপৰি বজাৰসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।

সকলো চৰকাৰী কাৰ্য্যসূচী বন্ধ কৰিবলৈ দিয়া হৈছে লগতে আয়োজিত হ’বলগীয়া আন ৰাজহুৱা অনুষ্ঠানো বাতিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।

বৰ্তমানলৈকে ভাৰতত ১০৭জন লোক ক’ৰ’না ভাইৰাছত আক্রান্ত হৈছে, ইয়াৰে ১৭জন বিদেশী পৰ্যটক। ভাৰতত এই ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছে।

বিশ্বৰ ১৪৯খন দেশৰ ১.৫ লাখ লোক ক’ৰ’নাত আক্রান্ত হৈছে আৰু ৫৬০৪জন লোকৰ মৃত্যু হৈছে।