NORTHEAST NOW (Assamese)
অসম

বিভ্ৰান্তিৰ মাজতে উজনিত আটাছুৰ বন্ধৰ আংশিক প্ৰভাব

Posted by: এন ই নাও নিউজ December 27, 2017 10:29 am
বিভ্ৰান্তিৰ মাজতে উজনিত আটাছুৰ বন্ধৰ আংশিক প্ৰভাব

আটাছুৰ লিটল বুঢ়াগোহাঁইৰ নেতৃত্বাধীন সংগঠনে অখিল গগৈক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি সংগ্ৰামী সত্তা ধ্বংস কৰাৰ প্ৰতিবাদ, হিন্দু বাংলাদেশীক সংস্থাপনৰ বিৰোধিতা কৰি আহ্বান কৰা অসম বন্ধই উজনিত মিশ্ৰিত প্ৰভাব পেলোৱাটো পৰিলক্ষিত হৈছে।

জানিব পৰা মতে যোৰহাটৰ নগৰ অঞ্চলত দোকান – পোহাৰ মুকলি ৰখা হৈছে যদিও মৰিয়নি, টীয়ক ইত্যাদি নগৰৰ কাষৰীয়া অঞ্চলত বন্ধৰ আংশিক প্ৰভাব পৰিছে। আনহাতে মৰিয়নী, টীয়কৰ পৰা যোৰহাটলৈ অহা যাত্ৰীবাহী বাহন সমূহৰ চলাচল অব্যাহত আছে বুলি এক সুত্ৰই জনাইছে।

উল্লেখযোগ্য যে মঙ্গলবাৰে আটাছুৱে আহ্বান জনোৱা এই বন্ধক লৈ জনসাধাৰণৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আটাছুৰ লিটল গগৈৰ গোটে জনোৱা এই বন্ধৰ বিপৰীতে একেটা সংগঠনৰে মনোজ গগৈ  গোটে এই বন্ধৰ আহ্বান কৰা নাই বুলি সদৰি কৰিছে। মনোজ গগৈৰ গোটৰ প্ৰভাব বিশেষকৈ গোলাঘাট, লক্ষীমপুৰ, ধেমাজি ইত্যাদি জিলা কেইখনত হোৱা বাবেই এই অঞ্চল সমূহত বন্ধৰ প্ৰভাব পৰা নাই বুলি জানিব পৰা গৈছে।

মনোজ গগৈয়ে জানিব দিয়া অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে বুলিয়ে তেওঁৰ গোটে এই বন্ধৰ প্ৰতি সঁহাৰি জনোৱা নাই। আনহাতে লিটল বুঢ়াগোহাঁই গোটে অসমীয়া জাতীয় সত্তা ৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নকৰে বুলি উল্লেখ কৰি সকলোকে বন্ধৰ প্ৰতি সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল।