NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি, বন্তি জ্বলাব মাডাৰ অল্ড এজ হ’মৰ ১০৫ বছৰীয়া আইতাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 5, 2020 4:40 pm
প্ৰধান মন্ত্ৰীৰ আহ্বানলৈ সঁহাৰি, বন্তি জ্বলাব মাডাৰ অল্ড এজ হ’মৰ ১০৫ বছৰীয়া আইতাই

কৰ’নাভাইৰাছৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক বন্তি প্ৰজ্বলনৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ সকলোকে অনুৰোধ কৰিছে মাডাৰ অল্ড এজ হোমৰ ১০৫ বছৰীয়া আইতা সুভদ্ৰা দেৱীয়ে।

আজি নিশা ৯ বজাত সকলোকে ৯ মিনিটৰ বাবে বন্তি জ্বলাবলৈ আহ্বান জনাইছে আইতাগৰাকীয়ে।

আইতাগৰাকীয়ে সকলোকে ঘৰৰ ভিতৰতে চাকি জ্বলাবলৈ অনুৰোধ জনোৱাৰ লগতে ৰাস্তালৈ কাকো ওলাই নাহিবলৈ আহ্বান জনায়।

মাদাৰ অল্ড এজ হোমৰ স্বত্বাধিকাৰী উৎপল হৰ্ষবৰ্ধনে নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত আইতাগৰাকীয়ে কয়, ‘আজি ৯ বজাত আমি সকলোৱে ৯ মিনিটৰ বাবে চাকি জ্বলাম। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আমাক যাতে তেওঁ নিৰাপদে ৰাখে।‘

ইপিনে, যোৱা ২২ মাৰ্চত ঘৰৰ ভিতৰতে কাঁহ, হাত চাপৰি বজাবলৈ প্ৰধান মন্ত্ৰী মোদীয়ে আহ্বান জনোৱাৰ প্ৰসংগও আইতাগৰাকীয়ে উল্লেখ কৰে।

সেইদিনা কিছুসংখ্যকে কাঁহি-বাতি, বেণ্ড পাৰ্টী লৈ সমদল বাহিৰ কৰাৰ লগতে ফটকা ফুটোৱা পৰিলক্ষিত হৈছিল।

সেয়েহে এইবাৰ আইতাগৰাকীয়ে আগতীয়াকৈ সকলোকে ৰাস্তালৈ ওলাই আহিব নালাগে বুলি সাৱধান কৰি দিয়ে।

‘সকলোৱে ঘৰৰ ভিতৰতে চাকি জ্বলাওক, ৰাস্তালৈ কোনো ওলাই নাহিব। যাতে এই বেমাৰে আমাক স্পৰ্শ কৰিব নোৱাৰে।‘ অসমবাসী ৰাইজলৈ আহ্বান জনাই আইতাগৰাকীয়ে এইদৰে কয়।