NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2020 7:59 pm

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

মুখ্য মন্ত্ৰী পেমা খাণ্ডুই মঙলবাৰে টুইটাৰযোগে তেওঁ ক’ৰ’না প’জিটিভ হোৱা বুলি উল্লেখ কৰি বৰ্তমান তেওঁৰ শৰীৰত কোনোধৰণৰ লক্ষণ দেখা দিয়া নাই বুলি জানিবলৈ দিয়ে।

আনহাতে, মুখ্য মন্ত্ৰী খাণ্ডুৱে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকক প্ৰয়োজনীয় নিৰ্দেশনা সমূহ পালন কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে ক’ৰ’নাৰ পৰীক্ষা কৰাৰ বাবে আহ্বান জনায়।

‘‘মোৰ আৰ টি-পিচিআৰ কোভিড টেষ্ট কৰা হয় আৰু ফলাফ প’জিটিভ আহে। মোৰ বৰ্তমান কোনো লক্ষণ দেখুওৱা নাই আৰু মই সুস্থ অনুভৱ কৰি আছো। মই বৰ্তমান নিজকে আইছ’লেশ্যনত ৰাখিছো আৰু মোৰ সংস্পৰ্শলৈ অহা সকলো লোকক ক’ৰ’নাৰ পৰীক্ষা কৰাৰ বাবে আহ্বান জনাইছো,’’ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে টুইটাৰত এইদৰে কয়।

৪১ বছৰীয়া অৰুণাচলৰ মুখ্য মন্ত্ৰী গৰাকীয়ে সোমবাৰে নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিছিল।

পেমা খাণ্ডুৰ সৈতে উপ-মুখ্য মন্ত্ৰী চাওনা মেইন, পূৱ অৰুণাচলৰ সাংসদ তাপিৰ গাও আৰু মুখ্য সচিৱ নৰেশ কুমাৰো উপস্থিত আছিল।

প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাতৰ সময়ত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী আৰু সাংসদৰ দলটোৱে ৰাজ্যখনৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰাৰ লগতে ভাৰত-চীন সীমান্তৰ প্ৰসংগতো আলোচনা কৰে।