NORTHEAST NOW (Assamese)
অসম

২৯ খন ৰাজ্যৰ ভিতৰত উন্নয়নৰ দিশত অসম ২৭ নম্বৰ স্থানত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2019 12:07 pm
২৯ খন ৰাজ্যৰ ভিতৰত উন্নয়নৰ দিশত অসম ২৭ নম্বৰ স্থানত

পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদীলৈ অহা বিপেজি চৰকাৰৰ দিনত অসমে উন্নয়নৰ দিশত দেশৰ ২৯ খন ৰাজ্যৰ ভিতৰত ২৭ নম্বৰ স্থান দখল কৰিছে। নিটি আয়োগৰ এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে।

নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি উন্নয়নৰ বিভিন্ন দিশত অসমে দেখুৱা পাৰদৰ্শিতা একেবাৰেই সন্তোষজনক নহয়। এই প্ৰতিবেদন মতে অসমৰ তলত দুখন ৰাজ্য ক্ৰমে বিহাৰ আৰু উত্তৰ প্ৰদেশে স্থান লাভ কৰিছে। প্ৰতিবেদন অনুসৰি শীৰ্ষস্থানত আছে হিমাচল প্ৰদেশ।

মন কৰিবলগীয়া যে উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ আৰু মিজোৰামে ১২ আৰু ১৩ নং স্থান লাভ কৰি অসমতকৈ উন্নয়নৰ দিশত আগবাঢ়ি আছে।

উল্লেখযোগ্য যে উন্নয়নৰ এই তালিকা প্ৰস্তুত কৰাৰ সময়ত নিটি আয়োগে স্বাস্থ্য, দৰিদ্ৰতা নিৰ্মূলকৰণ, শক্তি, শিক্ষা, লিংগবৈষম্য, অনাময় ব্যৱস্থা, পানী যোগান, অৰ্থনীতি বিকাশ আদি বিষয় সমূহ অন্তৰ্ভুক্ত কৰিছিল।