NORTHEAST NOW (Assamese)
অসম

পাঠশালাত জাপানীজ এনকেফেলাইটিছে প্ৰাণ ল’লে প্ৰথমগৰাকী ৰোগীৰ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ July 1, 2019 11:22 am
japanese-encephalitis-659x375

বৰপেটা জিলাৰ পাঠশালাত দেওবাৰে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এগৰাকী ১৫ বছৰীয়া ছোৱালীৰ মৃত্যু হয়।

বাতৰি অনুসৰি, বৰপেটা জিলাৰ অন্তৰ্গত বজালী মহকুমাৰ বাগনা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী অংকিতা দাসে মাৰাত্মক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয়।

ছোৱালীজনীৰ এনে অকাল মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

ইপিনে, অসমত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বাতৰি লাভ কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ এটা কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে অতিৰিক্ত সচিব সঞ্জীৱ কুমাৰৰ নেতৃত্বত প্ৰেৰণ কৰা দলটোত নতুন দিল্লীৰ নেশ্যনেল ভেক্টৰ বোৰ্ণ ডিছিজ কন্ট্ৰ’ল প্ৰগ্ৰেমৰ জ্যেষ্ঠ বিষয়া আছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে দেওবাৰে ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে।

মন্ত্ৰী বৰ্ধনে জনসাধাৰণে গ্ৰহণ কৰিবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত সংশ্লিষ্ট সকলো পক্ষকে ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।