NORTHEAST NOW (Assamese)
অসম

জাগুনত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ

Posted by: মানস প্ৰতিম গগৈ March 5, 2019 7:53 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুন আৰক্ষী চকীৰ অধীনৰ নাফাই গাঁ‌ৱত আজি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। উক্ত অগ্নিকাণ্ডটোৰ ফলত অঞ্চলটোৰ এটা বাসগৃহ জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত আজি দিনৰ ভাগত নাফাই গাঁ‌ৱৰ কৰম বাহাদুৰ মগৰ নামৰ ব্যক্তিজনৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। আনহাতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ বহু সময়ৰ পিছতহে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উঠিছে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ আগতেই বাসগৃহটো জুইত যাহ যায়। অগ্নিকাণ্ডটোত তেওঁলোকৰ লক্ষাধিক টকাৰ সা-সাম্পতি জ্বলি ভস্মীভূত হয় বুলি পৰিয়ালটোয়ে লগতে জানিবলৈ দিয়ে।