NORTHEAST NOW (Assamese)
অসম

চৰকাৰী কৰ্মচাৰীৰ বোজা ল’ব নোৱাৰে ৰাজ্য চৰকাৰে : চাকৰি হেৰুৱাব কৃষি বিভাগৰ ৩৫০ জন কৰ্মচাৰীয়ে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 19, 2024 10:04 pm

এইবাৰ পুনৰ চৰকাৰী চাকৰিয়ালৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। এইবাৰ কৃষই বিভাগৰ ৩৫০ জন চকৰ্মচাৰীক অৱসৰ দিবলৈ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

নিৰ্বাচনী অধিসূচনা ভংগ হোৱাৰ পিচতে স্বেচ্চামূলক অৱসৰ ল’ব লাগিব অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ ৩৫০ জন কৰ্মচাৰীয়ে৷

উল্লেখ্য যে কৃষকক উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ প্ৰদান কৰা আৰু বস্তুৰ মূল্য নিৰ্দ্ধাৰণ তথা নিয়ন্ত্ৰণ কৰি কৃষকক উচিত প্ৰাপ্য প্ৰদান কৰাৰ বাবে গঠন কৰা হৈছিল অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ।

কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অকৰ্মন্যতাৰ বাবে এতিয়া বন্ধ হ’বলৈ ওলাইছে এই বিভাগটো। জানিব পৰা মতে উক্ত বিভাগত পূৰ্বতে আছিল ৭০০ গৰাকী বিষয়া কৰ্মচাৰী। চৰকাৰী সিদ্ধান্ত মতে এতিয়া মাত্ৰ ৫৮ গৰাকী কৰ্মচাৰী হে থাকিব অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদত। ইয়াৰে প্ৰায় ৩৫০ গৰাকী কৰ্মচাৰীক স্বেচ্চামূলক অৱসৰ প্ৰদানৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।

উল্লেখ্য দীৰ্ঘদিন ধৰি লোকচান সন্মুখীন হৈ থকাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি মন্তব্য দিছে কৃষি মন্ত্ৰী অতুল বৰাই ৷

এতিয়া চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই ক্ষোভ আৰু হতাশাত ভাগি পৰিছে পৰিষদৰ কৰ্মচাৰীসকল। লগতে ক্ষুন্ন হৈ পৰিছে অসমৰ খেতিয়ক সকলো।