NORTHEAST NOW (Assamese)
Popular Stories

মৃত্যুৰ আগমুহূৰ্তলৈ চিকিৎসক সকলক মনোৰঞ্জন প্ৰদান কৰি আছিল ঋষি কাপুৰে; ৰাজনাথ সিং, বিৰাট কোহলী অক্ষয় কুমাৰৰ শোকপ্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2020 12:03 pm

আজি স্বৰ্গগামী হোৱা বলিউদৰ যশস্বী অভিনেতা ঋষি কাপুৰে মৃত্যুৰ আগমুহূৰ্তলৈ তেওঁক চিকিৎসা প্ৰদান কৰি থকা চিকিৎসক সকলক হহুৱাই ৰাখিছিল বুলি পৰিয়ালৰ লোকে উল্লেখ কৰে।

‘‘ঋষি কাপুৰে অন্তিম সময়লৈ চিকিৎসক তথা চিকিৎসাকৰ্মী সকলক হহুৱাই ৰাখিছিল। অনুগামী সকলৰ মনত তেওঁ সদায় চিৰসেউজ আছিল,’’ ঋষি কাপুৰৰ পৰিয়ালৰ এগৰাকী সদস্যই এইদৰে কয়।

বৰ্ষীয়ান অভিনেতা গৰাকীৰ মৃত্যুত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে শোক ব্যক্ত কৰে।

‘‘এয়া অবাস্তৱ আৰু অকল্পনীয়, কালি ইৰফান খান আৰু ঋষি কাপুৰ জি। আজি এগৰাকী মহানায়কৰ প্ৰস্থান ঘটা বুলি স্বীকাৰ কৰাটো কঠিন,’’ কোহলীয়ে টুইট কৰে।

‘‘মোৰ হৃদয় দুখত অধীৰ হৈ পৰিছে। এয়া এটা অধ্যায়ৰ সামৰণি। ঋষি চাৰ আপোনাৰ প্ৰকৃত হৃদয়….এনে প্ৰতিভাৰ সদায় জন্ম নহয়,’’ প্ৰিয়ংকা চোপ্ৰাই শোক প্ৰকাশ কৰি লিখে।

আনহাতে, ঋষি কাপুৰৰ বিয়োগত শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ৰাজনাথ সিঙে অভিনেতা গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁ দৰ্শকৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল বুলি মত প্ৰকাশ কৰে।

‘‘আমি যেন কোনো স্বপ্ন ৰাজ্যত আছো। তেওঁ এজন মহান অভিনেতা….পৰিয়ালৰ ভাল বন্ধু….হৃদয় ভাঙি যোৱা খবৰ,’’ অভিনেতা অক্ষয় কুমাৰ টুইট কৰে।