NORTHEAST NOW (Assamese)
জীৱনশৈলী

বলিউডত এতিয়াও চলে বৈষম্য!  তিনি দশকৰ অভিজ্ঞতাৰ পিছত বিস্ফোৰক মন্তব্য অভিনেতা গোবিন্দ নামদেৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 25, 2026 7:00 am

তিনিটাকৈ দশকৰো অধিক সময় ধৰি বলীউডত সক্ৰিয় হৈ থকা অভিনেতা গোবিন্দ নামদেৱে শেহতীয়াকৈ এক সাক্ষাৎকাৰত চিনেমাৰ ছেটত চলি থকা বৈষম্য আৰু তাৰকা-ট্রিটমেন্টক লৈ বিস্ফোৰক মন্তব্য কৰিছে। খলনায়কৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰিত্ৰত নিজৰ দক্ষতা প্ৰমাণ কৰা এইগৰাকী জ্যেষ্ঠ অভিনেতাই উদ্যোগটোৰ এক কটু সত্য উদঙাই দি কয় যে বলীউডত এতিয়াও এক অদৃশ্য বিভাজন বা ‘হায়াৰাৰ্কি’ বিৰাজমান।

তেওঁৰ মতে, ডাঙৰ তাৰকাসকলে প্ৰায়ে সহ-অভিনেতাসকলৰ পৰা পৰামৰ্শ ল’বলৈ কুণ্ঠাবোধ কৰে, কাৰণ তেওঁলোকে ভাবে যে তেনে কৰিলে তেওঁলোকৰ মৰ্যাদা লাঘৱ হ’ব বা আনে তেওঁলোকক জ্ঞানহীন বুলি ভাবিব। নামদেৱে আক্ষেপেৰে কয় যে বহুক্ষেত্ৰত তেওঁৰ দৰে জ্যেষ্ঠ শিল্পীক ‘সৰু অভিনেতা’ বুলি গণ্য কৰা হয় আৰু পাৰিশ্ৰমিক অনুসৰিহে ভেনিটি ভ্যান বা অন্যান্য সুযোগ-সুবিধা নিৰ্ধাৰণ কৰা হয়।

আনকি খাদ্যৰ ক্ষেত্ৰতো ভয়ংকৰ বৈষম্য দেখা যায় বুলি তেওঁ উল্লেখ কৰে, য’ত তাৰকাসকলৰ বাবে বিশেষ ধৰণৰ আৰু আনৰ বাবে পৃথক মানদণ্ডৰ খাদ্য পৰিবেশন কৰা হয়। অৱশ্যে এই সকলোবোৰৰ মাজতো কিছু ব্যতিক্ৰম আছে বুলি জনাই তেওঁ কয় যে ‘অ’ মাই গড’ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়ত অক্ষয় কুমাৰ আৰু পৰিচালকে সকলোৰে বাবে একেই আহাৰৰ ব্যৱস্থা কৰি এক আদৰণীয় নিদৰ্শন দাঙি ধৰিছিল। ১৯৯২ চনত ‘শোলা অৰ শবনম’ৰ জৰিয়তে আত্মপ্ৰকাশ কৰা গোবিন্দ নামদেৱে ‘বেণ্ডিত কুইন’, ‘সত্য’, ‘বিৰাসত’ৰ দৰে বহু চৰ্চিত ছবিত অভিনয় কৰি নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে যদিও উদ্যোগটোৰ এনে বৈষম্যমূলক আচৰণে তেওঁক ব্যথিত কৰি তুলিছে।