NORTHEAST NOW (Assamese)
অসম

নিজৰ পত্নীয়ে অভিনয় কৰা নিজৰ বিভাগৰ থীম ছং মুকলি কৰিলে পীযুষ হাজৰিকাই

Posted by: এন ই নাও নিউজ March 5, 2019 7:58 pm

নগৰ উন্নয়ন বিভাগে মহানগৰৰ স্বচ্ছতাক লৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিও সুফল লাভ কৰিবলৈ সক্ষম নোহোৱাত এইবাৰে স্বচ্ছতাৰ বাবে গ্ৰহণ কৰিছে নতুন পদক্ষেপ। সোমবাৰে গুৱাহাটীৰ মাজখোৱা আই টি এ প্ৰেক্ষাগৃহত নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাই স্বচ্ছ ভাৰত অসম মিশ্যনৰ বাবে নতুন থীম ছং মুকলি কৰে।

প্ৰায় পাঁচ লক্ষাধিক টকা ব্যয় কৰি নগৰ উন্নয়ন বিভাগে থীম ছংটো নিৰ্মাণ কৰি উলিয়াইছে। গানটোৰ লগত এটা ভিডিঅ’ও মুকলি কৰা হয়। সমুজ্জ্বল কাশ্যপে পৰিচালনা কৰা আৰু দিগন্ত ভাৰতীয়ে সুৰ দিয়া থীম ছংটোত অভিনয় কৰিছে মন্ত্ৰীজনৰ পত্নী, অভিনেত্ৰী আইমী বৰুৱা, ৰবি শৰ্মা আৰু বহুকেইগৰাকী শিল্পীয়ে। এতিয়াৰে পৰা মহানগৰৰ জাবৰ পৰিষ্কাৰ কৰা গাড়ীসমূহতো জাবৰ চাফা কৰিবলৈ অহা সময়ত নতুনকৈ প্ৰস্তুত কৰি উলিওৱা থীম ছংটো বাজিব।

আনহাতে, থীম ছংটো মুকলি কৰি সাংবাদিকৰ আগত পীযুষ হাজৰিকাই গানটো শুনি জনসাধাৰণ অলপ হ’লেও স্বচ্ছতাৰ দিশত সজাগ হ’ব বুলি কয়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত স্বচ্ছতাৰ নতুন জাগৰণ অনাৰ বাবে চেষ্টা কৰি আহিছে আৰু অসম চৰকাৰেও প্ৰধান মন্ত্ৰীৰ এই সপোন বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।