NORTHEAST NOW (Assamese)
অসম

এইবাৰ প্লাষ্টিকৰ ইটা ওলাইছে গুৱাহাটীত, ৰঙা ইটাতকৈ ‘উন্নত’!

Posted by: কল্পজ্যোতি শইকীয়া September 12, 2018 8:42 pm
plastic brick in guwahati

ৰঙা ইটাক প্ৰত্যাহ্বান জনাই ঔদ্যোগিক ক্ষেত্ৰত খলকনিৰ সৃষ্টি কৰিব পৰাকৈ অসমৰ বজাৰলৈ আহিল জেৰাণ্ড ব্ৰিক নামেৰে এবিধ প্লাষ্টিক ইটা। যোৱা আগষ্টত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তিনিজন ছাত্ৰই পেলনীয়া প্লাষ্টিক আৰু চিমেন্টৰ সহায়ত সাজি উলিয়াইছে এইবিধ ইটা।

উক্ত ছাত্ৰ তিনিজন ক্ৰমে শিৱসাগৰৰ ডেভিদ গগৈ, গুৱাহাটীৰ মৌচুম তালুকদাৰ আৰু পাঠশালাৰ ৰূপম চৌধুৰীয়ে। যোৱাবছৰ নবেম্বৰ মাহতে উক্ত ছাত্ৰ তিনিজনক নতুন প্ৰজেক্টৰ কাম হাতত ল’বলৈ কোৱাত তেওঁলোকে পেলনীয়া প্লাষ্টিকজাত সামগ্ৰীৰে জেৰাণ্ড ব্ৰিক নামৰ ইটাবিধ নিৰ্মাণৰ বাবে চিন্তা-চৰ্চা কৰিছিল।

এই সম্পৰ্কত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা বতৰাত ডেভিদ গগৈয়ে কয় যে এই ইটাবিধ সাধাৰণ ইটাৰ তুলনাত কিছু বেলেগ তথা অন্য ইটাৰ তুলনাত টান আৰু মজবুত।

আনহাতে, প্ৰষ্টিক, স্পালেইজ আৰু চিমেন্ট তথা অন্যান্য জৈৱ ৰাসায়নিক পদাৰ্থৰ সহায়েৰে এই ইটাবিধ নিৰ্মাণ কৰা হৈছে বুলি আমাক জানিবলৈ দিয়ে। তেওঁ লগতে কয় ‘পেলনীয়া প্লাষ্টিকৰ প্ৰভাৱতে বিশ্বত ভয়াবহ পৰিৱেশ প্ৰদূষণৰ লগতে মাটি প্ৰদূষণো হৈছে। গতিকে সেই প্লাষ্টিকখিনি যদি ভাল কামত ব্যৱহাৰ কৰিব পৰা যায়, সেয়েহে এই প্ৰজেক্টটো গ্ৰহণ কৰা হৈছে।‘

উক্ত ইটাবিধত প্লাষ্টিকৰ পৰিমাণ হৈছে ১২-১৫ শতাংশ।  প্লাষ্টিক প্ৰয়োগ কৰাৰ বাবে ইটাবিধৰ ওজন আৰু শোষণ ক্ষমতা কমি গৈছে বুলি জানিবলৈ দিয়ে ডেভিদ গগৈয়ে।

পানী শুঁহা ক্ষমতা কম হোৱাৰ বাবে অসমৰ নিচিনা বৰষুণ হোৱা ঠাইত এই ইটা অন্য ইটাৰ তুলনাত বেছি দিন টিকি থাকিব বুলি জানিবলৈ দি ডেভিদে কয় যে সাধাৰণ ৰঙা ইটাসমূহৰ পানী শুহা ক্ষমতা বেছি বাবে ৬-৭ মাহৰ ভিতৰতে ফাঁট মেলিবলৈ আৰম্ভ কৰে।

আনহাতে, এই ইটাৰ ক্ষমতা সাধাৰণ ইটাৰ দৰে ৩.৮ ৰ পৰা ৪.৫-৪.৬ নিউটন প্ৰতি(পাৰ) মিলিমিটাৰ স্ক’ৱাৰ বুলি জানিব পৰা গৈছে।

এই ইটাৰ মূল্য হৈছে প্ৰতি মিটাৰ কিউবত ৩৮০০ টকা। আনহাতে সাধাৰণ ৰঙা ইটাসমূহৰ মূল্য এই ইটাতকৈ বেছি বুলি জানিবলৈ দি ডেভিদে কয় যে সাধাৰণ ইটাৰ মূল্য প্ৰতি মিটাৰ কিউবত ৪০০০ টকাৰ পৰা ৪৫০০ টকা।

উল্লেখ্য যে, ১৫ দিন পূৰ্বে এই ইটা নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল বুলি জানিবলৈ দিয়ে ডেভিদে। তদুপৰি যোৱা ১৫ দিনৰ ভিতৰত ৭ জন ব্যক্তিয়ে ইতিমধ্যে ইটা ক্ৰয় কৰিব বুলি তেওঁলোকক ইতিমধ্যে জনাইছে বুলি তেওঁ আমাক জানিবলৈ দিয়ে। আনহাতে গুৱাহাটীৰ আজাৰাত এই ইটা নিৰ্মাণৰ কেন্দ্ৰটো আছে আৰু পৰৱৰ্তী পৰ্য্যায়ত উৰিষ্যাৰ ভূবনেশ্বৰ তথা অসমৰ চৰাইদেউৰ লগতে অন্যান্য প্ৰান্ততো এই ইটা নিৰ্মাণৰ কেন্দ্ৰ স্থাপন কৰিব বুলি ডেভিদে নৰ্থ ইষ্ট নাওৰ আগত কয়।

আনহাতে, অহা মাহৰ ভিতৰতে তেওঁলোকে ইটাখিনি ৭ গৰাকী গ্ৰাহকক যোগান ধৰিব। উল্লেখ্য যে, গ্ৰাহককেইজনে পঠিওৱা ইঞ্জিনিয়াৰে পৰীক্ষা কৰি ইটাসমূহ ব্যৱহাৰৰ উপযোগী বুলি ইতিমধ্যে জানিবলৈ দিছে।

উল্লেখ্য যে, প্ৰডাক্টটো বজাৰত বিক্ৰী কৰিব পৰাকৈ যুৱক তিনিজনক প্ৰায় ৪ মাহ সময় লাগিছিল আৰু ৬ জন শ্ৰমিকে এই ইটাসমূহ নিৰ্মাণৰ কাম কৰি আছে।‘

ইয়াৰোপৰি চীনা সামগ্ৰীক প্ৰত্যাহ্বানেৰে তথা ভাৰততে উৎপাদিত এই সামগ্ৰীবিধে বিশ্বৰ বিভিন্ন প্ৰান্তত ভৱিষ্যতে ক্ৰয় কৰিব বুলিও আশা প্ৰকাশ কৰে উদীয়মান যুৱক তিনিজনে। আহাতে পৰ্য্যায়ক্ৰমে বিভিন্ন প্ৰডাক্টৰ কাম তেওঁলোকে হাতত ল’ব বুলিও জানিব পৰা গৈছে।