NORTHEAST NOW (Assamese)
অসম

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ মৃত্যুত নামৰূপত চাঞ্চল্য

Posted by: অক্ষয় প্ৰণব কলিতা September 12, 2018 8:41 pm
suide

নামৰূপ আৰক্ষী থানাৰ অন্তৰ্গত ছালিবাছাৰ বাসিন্দা তথা এপিএল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী  বিমলা বৰুৱা কাকতীৰ অসমবাভাৱিক মৃত্যুত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহটো গা-ধোৱা ঘৰত ওলমি থকা অৱস্থাত আৱিস্কৃত হৈছিল।

মত্যুৰ সময়ত শিক্ষয়িত্ৰীগৰাকীৰ বয়স আছিল ৬৪ বছৰ। তেওঁ প্ৰয়াত জ্যোতিপ্ৰসাদ কাকতীৰ পত্নী আছিল।

মৃতা শিক্ষয়িত্ৰীগৰাকীৰ ভতিজা অভিজিৎ ডেকাই কৈছে যে তেওঁৰ মাহীয়েকৰ মৃতদেহটো পুৱা প্ৰায় ৬-৬০ বজাত গা-ধোৱা ঘৰত ওলমি থকা দেখা পোৱা গৈছিল। তাৰ পাছতেই ততালিকে নামৰূপ আৰক্ষী থানাত খবৰ দিয়া হৈছিল।

আৰক্ষীৰ লোক ঘটনাস্থলীলৈ আহি মৃতদেহটো ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।